National Hindi Diwas

হিন্দী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে ভাৰতৰ ৰাষ্ট্ৰীয় ভাষাৰ সন্মানাৰ্থে প্ৰত্যেক বছৰে ১৪ ছেপ্টেম্বৰৰ দিনটোত ভাৰতে ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰে।


হিন্দী ভাষাৰ অধিক প্ৰাধান্য থকা ভাৰতৰ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ, বিহাৰ, দিল্লী, হাৰিয়ানা, ঝাৰখণ্ড, উত্তৰাখণ্ড, ছট্টিশগড়, ৰাজস্থান আদি ৰাজ্যত ৰাষ্ট্ৰীয় হিন্দী দিৱস বিশেষভাবে পালন কৰা হয়।


হিন্দী হৈছে এটা ইণ্ডো-আৰ্য ভাষা। এই ভাষাৰ প্ৰচলন ভাৰতত সৰ্বাধিক। ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দী দেৱনাগৰী লিপিত লিখা হয়।