India's Gold Medallist Neeraj Chopra

অলিম্পিকত স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰাই ফিনলেণ্ডৰ পাভো নুৰ্মি গেমছত নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয় ।

নীৰজ চোপ্ৰাই পাভো নুৰ্মি গেমছত ৮৯.৩০ মিটাৰ থ্ৰোৰে নিজৰ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰে ৷ অৱশ্যে, ৮৯.৩০ মিটাৰ সৰ্বশ্ৰেষ্ঠ থ্ৰো কৰা স্বত্বেও নীৰজে প্ৰতিযোগিতাখনত ৰূপৰ পদকত সন্তুষ্ট হ'ব লগা হয় ।

নীৰজ চোপ্ৰাই ২০২১ চনৰ ৭ আগষ্টত টকিঅ' অলিম্পিকত ৮৭.৫৮ মিটাৰ থ্ৰোৰে স্বৰ্ণ পদক অৰ্জন কৰিছিল ৷ অলিম্পিকৰ পাছত পাভো নুৰ্মি গেমছ হৈছে নীৰজৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা । তেওঁ ইয়াৰ পূৰ্বে নীৰজে এই থ্ৰোৰে বিগত বৰ্ষৰ মাৰ্চত পাটিয়ালাত স্থাপন কৰা নিজৰ ৮৮.০৭ মিটাৰ থ্ৰো ভংগ কৰিছিল।