Loaded Truck

সোমবাৰে, শ্ৰীৰামপুৰ আৰক্ষীয়ে জব্দ কৰে ৭০ লাখ টকা মূল্যৰ গাঞ্জা কঢ়িওৱা এখন ট্ৰাক।

কোকৰাঝাৰৰ গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত গাঞ্জা-মফিয়াৰ দৌৰাত্ম্যৰ মাজতে নিশা গাঞ্জা কঢ়িওৱা ট্ৰাকত দুৰ্বৃত্তই অগ্নিসংযোগ কৰে। ইপিনে নিশাই উক্ত ট্ৰাকৰ সৈতে সংযোগ থকা এগৰাকী সন্দেহযুক্ত গাঞ্জা সৰবৰাহকাৰী আৰক্ষীয়ে এনকাউণ্টাৰ কৰিছিল। এনকাউণ্টাৰত আহত লোকজন উত্তৰ প্ৰদেশৰ হৰেন্দ্ৰ যাদব (২৮) বুলি জানিব পৰা গৈছে ৷