Pratima Barua Pandey

গোৱালপৰীয়া লোকসংগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডেৰ আজি মৃত্যু বাৰ্ষিকী। ৰাজকন্যাৰ পৰা শিল্পীসত্বালৈ এক সুৰীয়া আৰু বৰ্ণাঢ্য যাত্ৰাৰে অগণন সংগীতপ্ৰেমীৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হোৱা প্ৰতিমা বৰুৱা পাণ্ডেৰ কণ্ঠত প্ৰতিধ্বনিত হৈছিল জনজীৱনৰ সুৰ। 

গোৱালপাৰা লোকগীতৰ সম্ৰাজ্ঞী তথা পদ্মশ্ৰী প্ৰতিমা বৰুৱা পাণ্ডেৰ কৰ্মৰাজিক যুগমীয়া কৰাৰ লক্ষ্যৰে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতি বছৰে ৰাজ্যৰ সাংস্কৃতিক জগতখনৰ বৰেণ্য ব্যক্তিসকলক প্ৰদান কৰি আহিছে প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা। ২০০৭ চনৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰদান কৰি আহিছে এই বঁটা।