Pan Bazar

পাণবজাৰ আৰক্ষীৰ জালত এগৰাকী মহিলা ATM চোৰ। ইয়াৰ তাৰ টকা লুটি অৱশেষত জালত পৰিল এইগৰাকী বাইদেউ।

উল্লেখ্য় যে, ATM কাৰ্ড চুৰি কৰি মহিলা গৰাকীয়ে লুটিছিল প্ৰায় ৬৫হাজাৰ টকা। লতাশিলৰ এটা ATMৰ পৰা মহিলাগৰাকীয়ে গ্ৰাহকৰ ATM চুৰি কৰি লুটিছিল হাজাৰ হাজাৰ টকা। 

মনকৰিবলগীয়া যে, মহিলাগৰাকীৰ বিৰুদ্ধে বহু ঠাইত ৰুজু হৈ আছে গোচৰ। পাণবজাৰ আৰক্ষীয়ে বহু দিন ধৰি বিচাৰি আছিল এই মহিলাগৰাকীক। অৱশেষত আৰক্ষীয়ে বৃহস্পতিবাৰে উপায়ুক্তৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰিলে মহিলাগৰাকীক।

বৰ্তমান পাণবজাৰ মহিলা থানাত ৰখা হৈছে মহিলাগৰাকীক।