সফলতাৰ দিশত চন্দ্ৰযান-৩!পৃথিৱীৰ কক্ষপথ এৰি জোনবাইৰ বুকুলৈ যাত্ৰা আৰম্ভ.....

ISRO

জোনৰ পৃথিৱীলৈ মাজত আৰু মাত্ৰ কেইটামান খোজ বাকী। পৃথিৱীৰ মায়াবৃত্ত সম্পূৰ্ণৰূপে এৰি চন্দ্ৰৰ মায়াবৃত্তত প্ৰৱেশ কৰিব ইছৰোৰ চন্দ্ৰযান-৩য়ে। মাজত মাত্ৰ আৰু কেইটামান দিনৰ অপেক্ষা। তাৰ পাছতেই লিপিবদ্ধ হ'ব অন্য এক ইতিহাস।

ভাৰতৰ চন্দ্ৰযান-৩এ পৃথিৱীৰ চাৰিওফালে প্ৰদক্ষিণ সম্পূৰ্ণ কৰে আৰু ইয়াক ট্ৰেন্সলুনাৰ কক্ষপথত ৰখা হৈছে। ইছৰোৱে কয় যে, ইছৰোৰ টেলিমেট্ৰি, ট্ৰেকিং আৰু কমাণ্ড নেটৱৰ্কত কৰা এক সফল পেৰিজি-ফায়াৰিং কৌশলেৰে মাজনিশাৰ পৰা পুৱা ১ বজাৰ ভিতৰত মহাকাশযানখন ট্ৰেন্সলুনাৰ কক্ষপথত ৰখা হৈছে। এই কৌশলেৰে অভিযানটোৱে ইয়াৰ চন্দ্ৰ-কেন্দ্ৰিক পৰ্যায়লৈ অগ্ৰসৰ হোৱাৰ পূৰ্বে পাঁচ দিনীয়া স্থানান্তৰ গতিপথ পৰ্যায়ত প্ৰৱেশ কৰিছে।

অৱশ্যে এতিয়াও ইছৰোৰ বিজ্ঞানীমহল দিনে ৰাতিয়ে কষ্ট কৰি শেষ মুহূৰ্তলৈকে অপেক্ষা কৰিছে। পূৰ্বৰ ভুলৰ পৰা শিক্ষা লৈছে বিজ্ঞানীসকলে। পূৰ্বে চন্দ্ৰযান-২ ৰ সময়ত অন্তিম মুহূৰ্তত সকলো খেলি-মেলি হৈ গৈছিল। সেয়ে এইবাৰ চন্দ্ৰপৃষ্ঠত চন্দ্ৰযান-৩ ক অৱতৰণ কৰোৱাটোৱেই ইছৰোৰ বিজ্ঞানীমহলৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কাম। সেই কামেই এতিয়া বাকী আছে। অৱশ্যে ইছৰোৰ বিজ্ঞানীমহলৰ বিশ্বাস, জোনৰ দেশত ভৰি দিব চন্দ্ৰযান-৩য়ে।

ইছৰোৰ বিজ্ঞানীসকলে উল্লেখ কৰা অনুসৰি ১৪ জুলাইত শ্ৰীহৰিকোটাৰ পৰা চন্দ্ৰযান-৩ উৎক্ষেপণৰ পাছতেই ভাৰতীয় বিজ্ঞানীসকলৰ আচল পৰীক্ষা আৰম্ভ হৈছে। বিজ্ঞানীসকলৰ এতিয়া মূল কাম হৈছে চন্দ্ৰযান-৩ক পথ দেখুওৱাই নিৰাপদে চন্দ্ৰত অৱতৰণ কৰোৱা।

সোমবাৰে গভীৰ নিশা চন্দ্ৰযান-৩ য়ে পৃথিৱীৰ কক্ষপথ এৰিলে। আৰু সেয়া আছিল চন্দ্ৰযান-৩ ৰ ছেমি ফাইনেল। এই ছেমি ফাইনেলত জয়ী হৈছে ইছৰোৰ বিজ্ঞানীসকল। এতিয়া সন্মুখত ফাইনেল। আৰু এই ফাইনেল হ’ব চন্দ্ৰযান-৩ ক নিৰাপদে জোনৰ দেশত অৱতৰণ কৰোৱা।

চন্দ্ৰৰ কক্ষপথত চন্দ্ৰযান-৩ প্ৰৱেশ কৰাৰ লগে লগে এতিয়া ঢাপে ঢাপে চন্দ্ৰযান-৩ ৰ গতিবেগ হ্ৰাস কৰি আনিব লাগিব। এয়া হৈছে বিজ্ঞানীসকলৰ প্ৰাথমিক কাম। বিজ্ঞানীসকলৰ ভাষাত এই প্ৰক্ৰিয়াক এল বি এন অৰ্থাৎ লুনাৰ বাউণ্ড ম্যেনুভাৰ নাম্বৰ বুলি কোৱা হয়।

এল বি এনৰ বিভিন্ন ঢাপত চন্দ্ৰযানৰ গতি হ্ৰাস কৰিব লাগে। চন্দ্ৰৰ পৰা ১০০ কিলোমিটাৰ দূৰত্বত অৱস্থান কৰাৰ লগে লগে প্ৰোপলেশ্যন মডিউলৰ কাম শেষ হ'ব। ইয়াৰ পাছত কাম আৰম্ভ হ'ব লেণ্ডাৰ মডিউলৰ।

এই মডিউলেই ঠিক কৰিব চন্দ্ৰৰ পৃষ্ঠত কিদৰে অৱতৰণ কৰিব চন্দ্ৰযানখনে।চন্দ্ৰৰ পৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ ওপৰৰ পৰা ২০ মিনিটৰ বাবে এটা চৰাইৰ পাখিৰ দৰে ধীৰে ধীৰে অৱতৰণ কৰিব চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমে।

এই সময়ত অতি সাৱধানে আৰু নিয়ন্ত্ৰিত ভাৱে বিক্ৰমক অৱতৰণ কৰিব লাগিব। যেতিয়াই চন্দ্ৰপৃষ্ঠক লেণ্ডাৰ বিক্ৰমে স্পৰ্শ কৰিব তাৰ লগে লগেই দুৱাৰ মুকলি হ'ব। তাৰ পাছতেই সেই দুৱাৰেদি চন্দ্ৰলৈ ওলাই আহিব ‘প্ৰজ্ঞান’।

চন্দ্ৰযান-২ত এই সময়ছোৱাতেই বিজুগতিৰ সৃষ্টি হৈছিল। ২০১৯ ৰ ৬ ছেপ্টেম্বৰ আছিল সেই দিনটো। কিন্তু এটা সৰু ভুলৰ বাবেই শেষ মুহূৰ্তত চন্দ্ৰযান-২ বিফল হৈছিল। নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ গুছি গৈছিল চন্দ্ৰযান-২।

সেয়ে এইবাৰ বিজ্ঞানীমহল সম্পূৰ্ণ সতৰ্ক হৈ আছে। অহা ২৩ বা ২৪ আগষ্টৰ ভিতৰত চন্দ্ৰত অৱতৰণ কৰিব চন্দ্ৰযান-৩ৰ সৌৰচালিত লেণ্ডাৰ বিক্ৰম। তাৰ পাছতেই সৌৰচালিত ৰোভাৰ প্ৰজ্ঞানে চন্দ্ৰৰ পৃষ্ঠ স্পৰ্শ কৰিব।

ইয়াৰ পাছতে প্ৰজ্ঞানে চন্দ্ৰত থকা মাটিৰ ফটো, বিভিন্ন খনিজ পদাৰ্থৰ উপস্থিতি সংক্ৰান্তিয় তথ্য সংগ্ৰহ কৰিব। ইয়াৰোপৰিও চন্দ্ৰৰ যিসমূহ অঞ্চলেদি প্ৰজ্ঞানে চলাচল কৰিব সেই স্থানসমূহত চন্দ্ৰৰ মাটিত অশোকস্তম্ভ আৰু ইছৰোৰ প্ৰতীক অংকন কৰিব। চন্দ্ৰৰ বুকুত মুঠ ১৪ দিন অতিবাহিত কৰিব প্ৰজ্ঞানে। এই ১৪ দিন অৱশ্যে পৃথিৱীৰ সময়ৰে হিচাপ। চন্দ্ৰৰ হিচাপত মাত্ৰ ১ দিন। তাৰ পাছতেই মৃত্যু হ’ব প্ৰজ্ঞানৰ।

Category