
বলীউডৰ বাবে এটা অভিশপ্ত দিন, ২০২০ চনৰ ১৪ জুন তাৰিখে সকলোকে কন্দুৱাই অজান দেশলৈ গুছি গৈছিল সুদক্ষ অভিনেতা সুশান্ত সিং ৰাজপুত। বান্দ্ৰাৰ এপাৰ্টমেণ্টত মৃত অৱস্থাত উদ্ধাৰ হৈছিল সুশান্ত সিং ৰাজপুত। ৩৪ বছৰ বয়সতে অজান কাৰণত আত্মঘাটিৰ সিদ্ধান্ত ল'লে অভিনেতা গৰাকীয়ে। "পবিত্ৰ ৰিষ্টা" ৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰা সুশান্ত সিঙে পিছলৈ বলীউডতো নিজৰ বলিষ্ঠ অভিনয়েৰে দৰ্শকৰ হৃদয়ত স্থান বনাবলৈ সক্ষম হৈছিল।
উল্লেখ্য যে সুশান্তৰ মৃত্যুৰ পিছত তেওঁৰ মৃত্যুক লৈ বহু প্ৰশ্নও উত্থাপন হৈছিল। হত্যা নে আত্মহত্যা আজিও এই প্ৰশ্নৰ উত্তৰ নাপালে সুশান্তৰ অনুৰাগী সকলে। সদায় যেন ৰহস্যই হৈ থাকিব সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ কাৰণ। আজি তেওঁৰ মৃত্যুৰ তিনিবছৰ সম্পূৰ্ণ হ'ল আৰু অনুৰাগীয়ে এতিয়াও তেওঁৰ মৃত্যুৰ সৈতে জড়িত প্ৰশ্নৰ উত্তৰ পোৱা নাই। আজি প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুত আজি আমাৰ লগত নাই, কিন্তু তেওঁৰ স্মৃতি তেওঁৰ অনুৰাগীৰ হৃদয়ত সদায় সজীৱ হৈ থাকিব।
- Log in to post comments