"আজিৰ দিনটো অসমবাসীৰ বাবে প্ৰাপ্তিৰ দিন", অসমত হ'ব ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়। 

CM

অসমবাসীৰ বাবে ভালখবৰ। দেশৰ ভিতৰতে দশম খন ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় হব অসমত। চাংসাৰীৰ মলঙত স্থাপন হ'ব ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা গৃহ মন্ত্ৰী অমিত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে।

1

বিশ্ববিদ্যালয় নিৰ্মাণৰ বাবে ৫০ একৰ ভূমি আৱণ্টন দিয়া হৈছে । প্ৰায় ৩০০ কোটি ব্যয়ৰে নিৰ্মাণ হ'ব বিশ্ববিদ্যালয়খন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত কয়-"এটা মাহৰ ভিতৰতে অসমত ৰাষ্ট্ৰীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয় হব। আজিৰ দিনটো অসমবাসীৰ বাবে প্ৰাপ্তিৰ দিন। দক্ষিণ পূব এছিযাৰ দেশৰ ছাত্ৰ ছাত্ৰীও অধ্যয়ন কৰিব পাৰিব ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদ। আটকধুনীয়াকৈ নিৰ্মান কৰা হব গুৱাহাটী কেম্পাছ। অসমৰ শিক্ষাজগতত এটা নৱতম সংযোজন হব ফৰেনচিক বিশ্ববিদ্যালয়। অসম আৰক্ষীৰ 500 জোৱানক ফৰেনচিক বিজ্ঞানৰ প্ৰশিক্ষণ দিয়া হব। ইতিমধ্যে 44 জনে আহমেদাবাদত প্ৰশিক্ষণ লৈ আছে।"

2

 
গৃহমন্ত্ৰী অমিত শ্বাহে মন্তব্য কৰে-" আজিৰ দিনটো সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ দিন। দিল্লী, মুম্বাই নোযোৱাকৈ অসমতে ফৰেনসিক বিজ্ঞান পঢ়িব পাৰিব। বিশ্বত একাদশ খন আৰু দেশত দশম খন NFSU হল। 3000তকৈ অধিক ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰিব পাৰিব বিশ্ববিদ্যালয় খনত।"
শীঘ্ৰে দেশত ভাৰতীয় দণ্ডবিধি আইনৰ (IPC) সংশোধন কৰা হব। আনহাতে একেদিনাই আৰক্ষী সেৱা সেতুৰ এটা এপ মুকলি কৰিলে অমিত শ্বাহে। যিটো এপৰ জৰিয়তে নিশা ঘৰত থাকিয়ে এজাহাৰ দিব পাৰিব ভুক্তভোগীয়ে। বিশেষকৈ মহিলাৰ ধৰ্ষণ ,অপহৰণ, হত্যা আদি গোচৰ বোৰ নিশা বাৰ বজাতো থানালৈ নহাকৈ দিব পাৰিব গোচৰ। 

Category
Profile picture for user UB Photos