মে' মাহৰ প্ৰথম দিনটো শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। মে' দিৱস নামেৰেও পৰিচিত শ্ৰমিক দিৱস। এই দিনটো চৰকাৰীভাৱে ছুটীৰ দিন। ১৮৮৬ চনৰ ১ মে'ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘন্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলী চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়।
ইতিহাস মতে, আগৰ দিনত শ্ৰমিক সকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল, প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘন্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। আৰু তাৰ বিপৰীতে পোৱা পাৰিশ্ৰমিকৰ পৰিমাণ তেনেই নগণ্য আছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰত এদল শ্ৰমিকে দৈনিক ৮ ঘন্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে ১৮৮৬ চনৰ ১ মে' লৈকে সময় বান্ধি দিয়ে । কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নোলোৱাত ১৮৮৬ চনৰ ৪ মে'ত এক বাণিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদেশ্যে গোট খায়। কিন্তু তেনেতে দূৰৈত এটা আৰক্ষী দলৰ ওচৰত এটা বোমাৰ বিস্ফোৰণ ঘটে আৰু এজন পুলিত নিহত হয়। পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত আক্ৰমণ কৰে আৰু ১১ জন শ্ৰমিক ইয়াত ছহীদ হয়৷ আৰু পুলিচক হত্যা কৰাৰ দোষত এই আন্দোলনত মুখ্য ভূমিকা লোৱা আগস্ট স্পীডসহ আঠজনক অভিযুক্ত কৰা হয়। বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়
২৬ জুন, ১৮৯৩ তাৰিখে ইলিয়নৰ গৰ্ভণৰে অভিযুক্ত আঠজনকেই নিৰপৰাধী বুলি ঘোষণা কৰে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। কিন্তু সেই বোমা বিস্ফোৰণত আচলতে কোনে সংঘটিত কৰিছিল সেই কথা কোনোদিন পোহৰলৈ নাহিল।
শেষ পৰ্যন্ত শ্ৰমিকসকলৰ 'দৈনিক আঠ ঘন্টা কাম কৰাৰ ' দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায়। আৰু শ্ৰমিক সকলৰ দাবী আদায়ৰ দিন হিচাপে ১ মে'ই প্ৰতিষ্ঠা লাভ কৰে।
- Log in to post comments