অপেক্ষাৰ অন্ত পৰিল! মুক্তি পালে অসমীয়া ছবি ‘ডক্তৰ বেজবৰুৱা ২’

Bezbaruah 2

অসমৰ জ্যেষ্ঠ অভিনেতা প্ৰয়াত নিপন গোস্বামীৰ পৰিচালিত ডক্তৰ বেজবৰুৱা ২য়ে আজি মুক্তি পালে।  চিনেমাখনত এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে প্ৰয়াত নিপন গোস্বামীয়ে। তেওঁৰ পুত্ৰ সিদ্ধাৰ্থ নিপন গোস্বামী আৰু বোৱাৰী কিংকিনী ভট্টাচাৰ্যই ৰূপায়ন কৰিছে নায়ক-নায়িকাৰ চৰিত্ৰ। হাৰ্টথ্ৰৱ জুবিন গাৰ্গক দেখা যাব এটা অন্যতম গুৰুত্বপূৰ্ণ চৰিত্ৰত। সংগীত পৰিচালনাও কৰিছে জুবিন গাৰ্গে। আদিল হুছেইনে ৰূপায়ন কৰিছে এক শক্তিশালী চৰিত্ৰ।

অসমৰ চিত্ৰনাট্যকাৰ-নাট্যকাৰ-গীতিকাৰ ৰাজদ্বীপে ছবিখনৰ চিত্ৰনাট্য লিখিছে। এ এম টেলিভিছনৰ বেনাৰত ডঃ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰিছে এই ছবিখন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়েও ডক্তৰ বেজবৰুৱা-২ উপভোগ কৰিবৰ বাবে সকলোকে আহ্বান জনায়৷ ছাচপেঞ্চ থ্ৰিলাৰ হিচাপে 'ডক্টৰ বেজবৰুৱা ২'য়ে অসমীয়া চলচ্চিত্ৰ জগতক এক নতুন মাত্ৰা দিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে অসমৰ ১৪২ খন পৰ্দা আৰু ভাৰতৰ অন্যান্য চহৰৰ ৮ প্ৰেক্ষাগৃহত প্ৰদৰ্শিত হব ডক্তৰ বেজবৰুৱা ২।

Category