সুঃখবৰ! বিশিষ্ট আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক প্ৰদান কৰা হয় অমূল্য মান্না আলোকচিত্ৰ বঁটা। অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি আৰু ইউ বি ফটোজে যুটীয়াভাৱে প্ৰদান কৰে এই বঁটা ।

Mahendra Bora

বৃহস্পতিবাৰে ৰাজ্যৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাক টিহুত আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয় অমূল্য মান্না আলোকচিত্ৰ বঁটা।

1

এই বঁটা যুটীয়াভাৱে প্ৰদান কৰে অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি আৰু ইউ বি ফ'টোজে। উল্লেখ্য যে প্ৰবীণ আলোকচিত্ৰ শিল্পী মহেন্দ্ৰ বৰুৱাৰ বিভিন্ন আলোকচিত্ৰ ৰাজ্যৰ সকলো আগশাৰীৰ কাকত আলোচনীত প্ৰকাশ পোৱাৰ লগতে হিন্দুস্তান টাইমছ, ইণ্ডিয়া ট্যুডে আদি ৰাষ্ট্ৰীয় কাকততো প্ৰকাশ পাইছে। এই বঁটা প্ৰদান অনুষ্ঠানত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়।

Category