‘কা’ আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ আজি তৃতীয় মৃত্যু বাৰ্ষিকী। ২০১৯ চনৰ আজিৰ দিনটোতে আৰক্ষীৰ গুলীত নিহত হৈছিল হাতীগাঁৱৰ ছাত্ৰ ছেম ষ্টেফৰ্ড। ছেম ষ্টেফৰ্ডৰ লগতে শ্বহীদ হৈছিল আন চাৰিজন।
আজি মহানগৰীৰ হাতীগাঁও হাইস্কুলত পাঁচ শ্বহীদৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়৷ সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা হৈছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ। কা’ আন্দোলনত শ্বহীদ হোৱা দ্বীজেন্দ্ৰ পাংগিং, আব্দুল আলিম, ছেম ষ্টেফ’ৰ্ড, ঈশ্বৰ নায়ক আরু দ্বীপাঞ্জল দাসক শ্ৰদ্ধাঞ্জলি।
Category
- Log in to post comments