বিৰূপ মন্তব্য কৰি বিপদত বদৰুদ্দিন আজমল! পীয়ূষ হাজৰিকাই ক'লে 'পৰকীতি লৰিছে বদৰুদ্দিন আজমলৰ'

Ajmal

ৰাজনীতি গৰম কৰি তুলিছে বদৰুদ্দিন আজমলে হিন্দু সমাজক লৈ কৰা অশোভনীয় মন্তব্যই।  কি দল কি সংগঠন! এতিয়া সকলো জাঙুৰ খাই উঠিছে আজমলৰ বিৰুদ্ধে। 

আজমলৰ বিতৰ্কিত মন্তব্যক লৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আজমলৰ মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দি এজন মৌলানাৰ এনে মন্তব্য কেনেকৈ হ'ব পাৰে বুলি কয় মন্ত্ৰীগৰাকীয়ে। নিজৰ ভেঁটি সুৰক্ষিত কৰি ২৪ৰ দেওনা পাৰ হ'বলৈয়ে আজমলে এই মন্তব্য কৰিছে বুলি কয় জয়ন্ত মল্ল বৰুৱাই।

মন্ত্ৰীগৰাকীয়ে কয়, ‘‘আজমলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ হ’ব, কিন্তু চৰকাৰ বেছিকৈ জড়িত নহয়। চৰকাৰ জড়িত হ'লে আজমল পক্ষই সুযোগ ল'ব। কংগ্ৰেছৰ ঔৰসতেই আজমল, AIUDFৰ জন্ম। দুইটা দল এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, A টীম B টীম। আজমলক নিঃশেষ কৰিব লাগিলে বিজেপি শক্তিশালী হ'ব লাগিব।’’

মন্ত্ৰী পীযূষ হাজৰিকাই কয় যে বদৰুদ্দিন আজমলে অতি বেয়া কৰিছে আৰু মই তেওঁৰ বক্তব্যক ধিক্কাৰ দিছো৷ হিন্দু সমাজক যাতে বেয়া ব্যৱহাৰ নকৰে তাৰ বাবে মই সকীয়াই দিছো তেওঁক।

লগতে কয় ‘‘বদৰুদ্দিন আজমলৰ পৰকীতি লৰিছে৷ বদৰুদ্দিনৰ মানসিক অৱস্থাৰ গণ্ডগোল হৈছে যেন অনুভৱ হয়৷ কাৰণ আজি–কালি তেওঁ উল্টা পাল্টা কথা কয়৷ হিন্দুৱে মুছলমানৰ পৰা একো শিকিবলগীয়া নাই৷ মুছলমান মানে হৈছে দহ-বিশ টা সন্তান জন্ম দিয়া এটা ফেক্টৰী৷’’

আজমলৰ মন্তব্য অৰুচিকৰ, সভ্য সমাজত নোহোৱা কথা কৈছে আজমলে। মানুহৰ মাজত ঘৃণা ভাৱ আনিছে এই মন্তব্যই৷ সমগ্ৰ মহিলাসকলক অপমান কৰিছে। এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে।

লুৰিণজ্যোতি গগৈয়ে কয়, আজমল অসমীয়াৰ শত্ৰু৷ বিজেপিৰ অক্সিজেন হয় আজমল। বিজেপিৰ শ্ৰুতলিপি মতে আজমলে এই মন্তব্য আগবঢ়াইছে।

‘‘মৌলানা নহয়, ধুৰন্ধৰ মৌলানা বদৰুদ্দিন আজমল। অসমৰ পৰা ২৪ ঘণ্টাৰ ভিতৰত নহয়, ১২ ঘণ্টাৰ ভিতৰত আজমলক বাহিৰ কৰি দিয়ক।’’ – এই মন্তব্য বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ। প্ৰথমে অসমৰ পৰা তাৰ পিছত মোদীৰ লগত কথা পাতি ভাৰতৰ পৰা বাহিৰ কৰি দিয়াৰ দাবী ৰূপজ্যোতি কুৰ্মীৰ।

জাঙুৰ খাই উঠিছে অসম তৃণমূল কংগ্ৰেছও। 

মুঠতে এতিয়া অসমবাসীৰ ৰোষত পৰিছে আজমল। পৰৱৰ্তী সময়ত অসমৰ ৰাজনীতিত এই বিষয়টোৱে কিমান খেলি-মেলি লগাব সেয়া লক্ষণীয় হ'ব। 

Category
Profile picture for user UB Photos