'অসম দিৱস'ৰ ইতিহাস আপুনি জানেনে?

Assam Divas

সমগ্ৰ  অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ২ ডিচেম্বৰ তাৰিখটো ‘‘অসম দিৱস’’ হিচাপে পালন কৰি আহিছে। অসমৰ পিতৃস্বৰূপ চাওলুং চুকাফাৰ স্মৃতিত এই দিৱস পালন কৰা হয়। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফা পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি ঘটে। ১৯৭৩ চনত শদিয়াৰ পাটিদৈ নগাঁৱৰ ৰাজগড় প্ৰথমিক বিদ্যালয়ত অনুষ্টুপীয়াকৈ চ্যুকাফা দিৱস পতা হয় যদিও সেই একে ঠাইতে ১৯৭৪ চনত এই দিৱস অতি ধুমধামেৰে পতা হয়। ১৯৮১ চনত শিৱসাগৰ জিলাৰ চৰাইদেউত চ্যুকাফা দিৱস পতা হয় আৰু তেতিয়াৰ পৰা কেইবাটাও জাতীয় সংগঠনে সেই দিনটো চ্যুকাফা দিৱসহিচাপে স্বীকৃতি দিবৰ বাবে দাবী জনায় ১৯৮৭ চনত ডলীলা গগৈ, পদ্মবৰকটকী আৰু ড ধ্ৰুৱজ্যোতি বৰাই ১ মাৰ্চৰ 'আজিৰ সময়' কাকতত চ্যুকাফাৰ বিষয়ে বিভিন্ন লেখা লিখি সেই সংখ্যাটো চ্যুকাফা সংখ্যা হিচাপে প্ৰকাশ কৰি উলিয়ায়। সেই বছৰেই ২ ডিচেম্বৰত চৰকাৰী পৃষ্ঠপোষকতাত জজ খেলপথাৰ ত চ্যুকাফা দিৱস আয়োজন কৰা হয় আৰু তাতেই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা তেতিয়াৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই চ্যুকাফা দিৱসক অসম দিৱসহিচাপে চৰকাৰী স্বীকৃতি প্ৰদান কৰে।

Category
Profile picture for user UB Photos