‘ভাললগা, ভালপোৱা যদি বিচৰা হয় নিজৰ মানুহখিনিৰ মাজতেই থাকে! কেৱল সম্বন্ধবোৰ ধৰি ৰাখিব জানিব লাগে!’

Made In Nalbari

আহি আছে এখন নতুন অসমীয়া ছবি। ‘সময় তোমাৰো,সময় মোৰোভাললগা, ভালপোৱা যদি বিচৰা হয় নিজৰ মানুহখিনিৰ মাজতেই থাকে! কেৱল সম্বন্ধবোৰ ধৰি ৰাখিব জানিব লাগে!এটা ৰোমাঞ্চকৰ টেক্সি ভ্ৰমণ আৰু ৩জন পুৰুষৰ মাজৰ ৰোড ড্ৰামা।ভ্ৰমণৰ মাজতে মূহুৰ্তে মূহুৰ্তে সলনি কৰে জীৱনৰ দৰ্শন। এনে এক ব্যতিক্ৰমী কাহিনীৰে মুক্তি লাভ কৰিব অহা ২ ডিচেম্বৰত অসমীয়া ছবি 'মেড ইন নলবাৰী' সমন্ধবোৰ ভালে নাথাকে, ভালে ৰাখিব লাগে। 'মেড ইন নলবাৰী' ছবিখনৰ নামটো শুনি আপুনি হয়টো ভাবিছে নলবাৰী ঘটনাক লৈ নিৰ্মিত ছবি, কিন্তু সম্পূৰ্ণ ব্যতিক্ৰমী এখন অসমীয়া ছবি। চিনেমাখন নিৰ্মান কৰা হৈছে মাজুলীৰ পৰা নলবাৰী যাত্ৰাৰ এক ৰোমাঞ্চকৰ কাহিনীক লৈ। ছবিখনৰ পৰিচালক ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণসংযোগ অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক তনুজ নাথ।ছবিখনত অভিনয় কৰিছে বিভূতিভূষণ হাজৰিকাৰ লগতে ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে।  আৱহ সংগীতত জনপ্ৰিয় কণ্ঠশিল্পী তৰালি শৰ্মা।ইতিমধ॥ ছবিখনত প্ৰচাৰ সম্পূৰ্ণ হৈ উঠিছে। এতিয়া মাঁথো ছবিখন ছবিগৃহত উপভোগ কৰিবলৈ ২ ডিচেম্বৰলৈ অপেক্ষাৰত দৰ্শকসকল।

 

Category