কাণৰ বিষ হয় নেকি আপোনাৰ? ঘৰুৱা পদ্ধতিৰেই উপশম পাব বিষৰ পৰা!

Ear Pains

সাধাৰণতে কাণৰ ভিতৰত মলিয়ন হলে বা কোনো কাৰণত সংক্ৰমণ হলে, পানী সোমালে, উচ্চতা আৰোহণ কৰাৰ সময়ত কাণৰ বিষ হলে অথবা তনচিল বা দাঁতৰ অসুখ আদিত আক্ৰান্ত হলেও কাণত বিষ অনুভৱ হব পাৰে।

কাণৰ বিষৰ পৰা উপসম পাবলৈ ঘৰুৱা পদ্ধতিৰো ব্যৱহাৰ কৰিব পাৰে।

ক) ঠাণ্ডা বা গৰম সেক- কাণৰ বিষত আক্ৰান্ত হলে এটুকুৰা বৰফ কাণৰ ওপৰত কিছুসময় ৰাখিলে বিষ তাৎক্ষণিক কমি যায। বা গৰম পানীৰ সেক বা হট ৱাটাৰ বেগৰ জৰিয়তেও কাণৰ বিষ কমাব পৰা যায়।

খ) জলফাইৰ তেল- কাণৰ ভিতৰ খন মলিয়ন হৈ বা ফাংগল ইনফেকশ্বনৰ বাবে কাণৰ বিষ হলে জলফাইৰ তেল ব্যৱহাৰ কৰিব পাৰে। সামান্য পৰিমাণে তেলখিনি গৰম কৰি লৈ বিষ হোৱা ঠাইত দিলে যথেষ্ট আৰাম পোৱা যায।

গ) আদা, নহৰু পিঁয়াজৰ জৰিয়তে কাণৰ বিষ কমাব পাৰি- এটুকুৰা আদা,পিঁয়াজ অথবা নহৰুৰ ৰস পিচি সেই ৰস কাণত দিলে বহু পৰিমাণে বিষৰ পৰা উপশম পাব পাৰি।

ঘ) ছুয়িংগাম- কেতিয়াবা উচ্চতা আৰোহন কৰিলে বহুতৰে কাণত বিষ অনুভৱ হয়। বহু লোকৰ বিমানেৰে যাত্ৰা কৰিলেও কাণত বিষ অনুভৱ হয়। এনে ক্ষেত্ৰত এটা ছুয়িংগাম চোবালে বিষৰ পৰা উপশম পাব পাৰি।

ঙ) নিমখৰ প্ৰয়োগ- কাণৰ বিষত আক্ৰান্ত হলে পাণ এখন ভাজি লৈ কিছু পৰিমাণে তাৰ ওপৰত নিমখ ৰাখিব লাগে। নিমখৰ সৈতে পাণখন গৰম কৰি কুহুমীয়া হওতে পাণখন মেৰিয়াই কিছু সময়ৰ বাবে পাণখন ৰাখিলে বিষৰ পৰা উপসম পাব পাৰি।

 

এইদৰে ঘৰুৱা উপায়েৰে কাণৰ বিষৰ পৰা সাময়িকভাৱে উপশম পাব পৰা যায়। কিন্তু সম্পূৰ্ণ নিৰাময়ৰ বাবে চিকিৎসকৰ কাষ চপা উচিত।

 

 

 

Category
Profile picture for user UB Photos