
চেন্নাই ফটো বিয়েনালে ফাউণ্ডেচনে আয়োজন কৰিছে সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা, " CPB Photo Awards - Edition III " এই সন্দৰ্ভত আজি গুৱাহাটী প্ৰেছ ক্লাবত UB Photos ৰ সংবাদ মেল আয়োজন কৰে। UB Photo's ৰ সহযোগত আয়োজন কৰা হৈছে এই সৰ্বভাৰতীয় ফটো প্ৰতিযোগিতা । বহু বছৰ ধৰি পৃথিৱীৰ শ্ৰেষ্ঠ ফটোৰ দৰে ভাৰতত ফটো প্ৰদৰ্শনি আয়োজন কৰি আহিছিল চেন্নাই ফটো বিয়েনালে ফাউণ্ডেচনে। কিন্তু এইবাৰ স্থানীয় ফটো সংবাদিকৰ সুবিধা বাবে এই প্ৰতিযোগিতাত খন আয়োজন কৰিছে CPB Photo Awards । যত উত্তৰ পূৱৰ ফটো সংবাদিকৰ সকলেও এই সুবিধা লব পাৰিব। দুটা পয্যায়ত প্ৰতিযোগী সকলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰিব। এটা ফটো আৰু আনটো ফটো কাহিনী(Photo Story)। বিজয়ী প্ৰতিযোগীয়ে নগদ ৩৫হাজাৰ পৰা ১ লাখ টকাকৈ লাভ কৰিব পুৰষ্কাৰ। ফটো বোৰ জানুৱাৰী ১৫ তাৰিখৰ ভিতৰত Www.chennaiphotobiennale.Foundation @chennaiphotobiennale ৱেবচাইটত নিজে আপলোড কৰিব লাগিব।
- Log in to post comments