কাক বেছিকৈ কামোৰে মহে? জানো আহক

Mosquito

কিছুমান মানুহক মহে তুলনামূলকভাৱে বেছিকৈ কামোৰে। কিয় এনে হয় জানেনে? গৱেষণাত জনা গৈছে, নিৰ্দিষ্ট কিছুমান গ্ৰুপৰ তেজ বিশেষকৈ পছন্দ কৰে মহে। এডিছ মহৰ পছন্দ O ব্লাড গ্ৰুপৰ তেজ। কিন্তু এনোফেলিছ মহৰ পছন্দ AB গ্ৰুপৰ তেজ। মহে বহু দূৰৰ পৰাই কাৰ্বন ডাই অক্সাইডৰ সন্ধান পায়। চেহেৰাত যিসকল দেখিবলৈ ডাঙৰ তেওঁলোকৰ শৰীৰৰ পৰা স্বাভাৱিকতে অধিক কাৰ্বন ডাই অক্সাইড বেছিকৈ নিৰ্গত হয়। সেয়ে এওঁলোকক মহে বেছিকৈ কামোৰে। মুখ আৰু নাকৰ পৰা কাৰ্বন ডাই অক্সাইড বাহিৰ হয় বাবেই মূৰৰ ওপৰত মহে আগুৰি ধৰা দেখা যায়। মহে নানা ধৰণৰ গোন্ধ পায়। ঘামৰ পৰা নিৰ্গত এম’নিয়া, লেকটিক এচিডৰ গোন্ধ পায় মহে। অতিৰিক্ত পৰিশ্ৰমৰ ফলত যিদৰে শৰীৰ গৰম হয় আৰু লেকটিক এচিড তৈয়াৰ হয়। ঘামৰ গোন্ধৰ ওপৰতো নিৰ্ভৰ কৰে কাক মহে বেছি কামোৰে। যিসকলে বেছি ঘামে তেওঁলোকৰ বহু দূৰৰ পৰা সন্ধান পায় মহে। গৰ্ভৱতী মহিলাসকলকো মহে বেছিকৈ কামোৰে। কাৰণ তেওঁলোকৰ শৰীৰ তুলনামূলকভাৱে বেছি গৰম থাকে। গৱেষণাত দেখা গৈছে যে যিসকলে পানী খাই তেওঁলোকতকৈ বিয়েৰ খোৱা লোকসকলৰ প্ৰতি মহ বেছিকৈ আকৰ্ষিত হয়। এজন লোকৰ ছালত কি পৰিমাণৰ বেক্টেৰিয়া আছে তাৰ ওপৰতো নিৰ্ভৰ কৰে মহে কামোৰাতো। য’ত বেক্টেৰিয়া বেছি তাৰ প্ৰতি মহ অধিক আকৰ্ষিত হয়। সেইবাবে ভৰি আৰু গোৰোহাত মহে অধিক কামোৰে। পোছাকৰ ওপৰতো বহু পৰিমাণে এয়া নিৰ্ভৰ কৰে। ক’লা বা অন্যান্য গাঢ় ৰঙৰ পোছাক যিসকলে পিন্ধে তেওঁলোকক মহে আগুৰি ধৰে।

Category
Profile picture for user UB Photos