২৫ বছৰীয়া হ’ল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ। জানো আহক কলাক্ষেত্ৰৰ ইতিহাস

Kalakshetro

১৯৮৬ চনৰ ৫ আগষ্ট তাৰিখে অনুষ্ঠিত হোৱা অসম চৰকাৰৰ এখন সভাত সাংস্কৃতিক পৰামৰ্শদাতা কমিটীখনে দিয়া পৰামৰ্শ মতে অসমৰ জনগণৰ সাংস্কৃতিক ঐতিহ্যৰ উন্নয়ন আৰু সংৰক্ষণৰ অৰ্থে আৰু নৃত্য, নাটক, সংগীত, চাৰু কলা, সাহিত্যৰ ক্ষেত্ৰত এক কৰ্ম কেন্দ্ৰ হিচাপে এটা প্ৰকল্প প্ৰতিষ্ঠা কৰিবলৈ স্থিৰ কৰা হৈছিল। ইয়াৰ বাবে সেই বছৰতেই পৰীক্ষামূলক ভাৱে আঁচনি প্ৰস্তুত কৰি সাংস্কৃতিক প্ৰকল্পটোৰ নাম শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ বুলি নামকৰণ কৰা হয়। ১৯৮৮ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে অসমৰ ৰাজ্যপাল মহামান্য শ্ৰীভীষ্ম নাৰায়ণ সিং দেৱে এই প্ৰকল্পটোৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ১৪ একৰ মাটিকালি জুৰি থকা এই সাংস্কৃতিক প্ৰকল্পৰ সজ্জা ৰূপায়ণৰ কাম "National Informatics Centre Services Incorporative" নামৰ এক প্ৰতিষ্ঠানে কৰিছিল। অসম চৰকাৰে ১৯৯০ চনত কলাক্ষেত্ৰ আঁচনিখন অসম চুক্তিৰ ক্লজ-৬ৰ(যিটোত উল্লেখ আছিল যে অসমীয়া মানুহৰ সাংবিধানিক, বিধান পৰিষদীয় আৰু প্ৰশাসনীয় সুৰক্ষা, যিটো সঠিক, তাক সাংস্কৃতিক, সামাজিক, ভাষিক স্বকীয়তা আৰু ঐতিহ্যৰ সুৰক্ষা দিয়া হব) অন্তৰ্গত কৰিবলৈ ভাৰত চৰকাৰৰ ওচৰ চাপে। ইয়াৰ পিছত ১৯৯৮ চনৰ ৯ নৱেম্বৰত প্ৰাক্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ননে এই ভৱন সৰ্বসাধাৰণ ৰাইজৰ বাবে মুকলি কৰে।

Category
Profile picture for user UB Photos