চন্দ্ৰপুৰত এতিয়া গাখীৰৰ উভৈনদী, দৈনিক লিটাৰে লিটাৰে গৰুয়ে দিছে গাখীৰ!

Cow Milk

কেন্দ্ৰীয় চৰকাৰৰ শ্যাম প্ৰসাদ মুখাৰ্জী ৰুৰবান ক্লাষ্টৰ মিছন আঁচনিৰ জৰিয়তে চন্দ্ৰপুৰ আৰু পানীখাইতি গাওঁ পঞ্চয়াত এলেকাৰ দুইশ হিতাধীকাৰীক বিতৰণৰ বাবে হাৰিয়ানাৰ পৰা ৩১ অক্টোবৰত পোৱালি সহ প্ৰায় ১৮০টা গো ধন অনা হৈছে। জানিব পৰা মতে এজন হিতাধিকাৰীক দুটাকৈ মুঠ দুইশ হিতাধাকাৰীৰ মাজত চাৰিশ গাই বিতৰণ কৰা হব । হাৰিয়ানাৰ পৰা অনা এই উন্নত প্ৰজাতিৰ গৰু সমুহৰ পৰা দৈনিক লিটাৰে লিটাৰে ওলাইছে গাখীৰ। এই গাই সমূহ দৈনিক গাখীৰ খিৰাই খানাপাৰা স্থিত দুগ্ধ পামত বিক্ৰী কৰি থকা হৈছে। উল্লেখ্য যে বিগত ছয় দিনধৰি চন্দ্ৰপুৰৰ অস্থায়ী গোহালিত ৰখা হৈছে এই উন্নত মান প্ৰজাতিৰ গো ধন বোৰ।

Category
Profile picture for user UB Photos