বিছাৰ ত্ৰাসত অসমৰ এখন চহৰ, বিছাৰ আক্ৰমণত ইজনৰ পিছত সিজন পালেগৈ চিকিৎসালয়!

Caterpillars

অসমত এইবাৰ চলিছে বিছাৰ আতংক।বিছাৰ আতংকত ত্ৰস্তমান উজনিৰ এখনৰ চহৰ।বিছাৰ আক্ৰমণত চিকিৎসালয় পাইছেগৈ ইজনৰ পিছত সিজনকৈ লোক।নাহৰকটীয়া চহৰত এতিয়া বিছাৰ আতংকই খেদিছে সৰ্বসাধাৰণ জনতাক।নাহৰকটীয়া নগৰ ৰেল গেটৰ সমীপৰ ষ্টেচন পথত বিগত এটা পষেক ধৰি চলিছে বিছাৰ আক্ৰমণ। প্ৰথম অৱস্থাত নাহৰকটীয়াৰ ষ্টেচন পথত থকা কিছু ব্যৱসায়ী খজুৱতি তথা ছালৰ ৰোগত আক্ৰান্ত হৈছিল পিছত অঞ্চলটোৰ সকলো লোকৰে একে ৰোগে দেখা দিয়াত সকলোৱে অনুসন্ধান চলোৱাতহে উলালে উৰহী গছৰ উৰ।ষ্টেচন পথত থকা কেইজোপামান গছত লাখ লাখ বিছাই বিচৰণ কৰি চলাই গৈছে আতংক।সোমবাৰে ব্যৱসায়ী সকলৰ অভিযোগৰ ভিত্তিত নাহৰকটীয়া ৰাজহ চক্ৰ বিষয়াৰ প্ৰচেষ্টাত অগ্নিনিৰ্বাপক বাহিনীয়ে এফালৰ পৰা ধ্বংস কৰিলে নগৰখনত আতংকৰ সৃষ্টি কৰা বিছাসমূহ।

Category
Profile picture for user UB Photos