ঘোষণা হ'ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল 

APSC Result

ঘোষণা হ'ল অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল 

অৱশেষত ঘোষণা হ’ল অসম লোক সেৱা আয়োগ (এপিএছচি)-ৰ   সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল । শুক্ৰবাৰে ঘোষণা কৰা হয়  সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা ২০২০-ৰ চূড়ান্ত ফলাফল।  পৰীক্ষাৰ ফলাফলত  তালিকাৰ প্ৰথম স্থানত আছে  বাক্সাৰ বিজিত পাঠক। দ্বিতীয় স্থান দখল কৰিছে জুৰি কলিতাই।

২০২০ চনৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ  শীৰ্ষ স্থানপ্ৰাপ্ত কেইগৰাকীমান প্ৰাৰ্থীৰ নাম হৈছে -  বিজিত পাঠক, জুৰি কলিতা, জেবিন গুলনাৰ,শিল্পা খনিকৰ,চুহেল য়াছিৰ , আইৰিছ আৰিভান ,উদেষ্ণা শৰ্মা,বিপ্লৱ জয় পুৰকায়স্থ, অংকিত শইকীয়া। এপিএছচিৰ এই  পৰীক্ষাবোৰ বিভিন্ন সেৱা/পদত নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা হয়।  যাৰ ভিতৰত আছে - অসম অসামৰিক সেৱা (জুনিয়ৰ গ্ৰেড), অসম আৰক্ষী সেৱা (জুনিয়ৰ গ্ৰেড), কৰ অধীক্ষক, শ্ৰম পৰিদৰ্শক, আবকাৰী পৰিদৰ্শক আৰু অন্যান্য। 

মুঠ ৩৩১ টা খালী পদ পূৰণ কৰিবলৈ নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল অসম লোকসেৱা আয়োগৰ ওই পৰীক্ষা। অসম অসামৰিক সেৱা (এ চি এছ)ৰ বাবে বাছনি কৰা হৈছে ১২১ জনক। ঘোষণা কৰা ফলাফল অনুসৰি অসম আৰক্ষী সেৱা (এ পি এছ)ৰ বাবে ৬৯ জন,  কৰ অধীক্ষক পদৰ বাবে  ৬ জন, জিলা পৰিবহন বিষয়া (ডিটিঅ’)ৰ বাবে ৫ জন,  শ্ৰম পৰিদৰ্শকৰ বাবে ১৮ জন,উপ-পঞ্জীয়ক পদৰ বাবে ৩১ জন , উদ্যোগ বিভাগৰ সহ-প্ৰবন্ধক পদৰ বাবে ১০ জন,কৰ পৰিদৰ্শক পদৰ বাবে ২৭ জন , আবকাৰী পৰিদৰ্শক পদৰ বাবে ৭ জন, খণ্ড উন্নয়ন বিষয়া পদৰ বাবে ৩৩ জন,  সহকাৰী নিয়োগ বিষয়া পদৰ বাবে ৪ জনক প্ৰাৰ্থীক বাছনি কৰা হৈছে । অসম লোকসেৱা আয়োগৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাটিত বিশেষকৈ অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীসকলক উজ্বলা দেখা গৈছে। 

Category
Profile picture for user UB Photos