কাইলৈৰ পৰা সলনি হ'ব মহানগৰত চলাচল কৰা পথৰ নিৰ্দেশনা!

Guwahati Route

২ অক্টোবৰ আৰু পূজাৰ সময়ত চলিব লগা বাহনৰ ক্ষেত্ৰত কেটবোৰ নীতি নিৰ্দেশনা জাৰি কৰা হৈছে। সেইসমূহ ক্ৰমে....

১) চাৰি চকীয়া আৰু তাতকৈ অধিক চকাৰ বাহন অৰ্থাৎ বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন ৰাষ্ট্ৰীয় ঘাইপথ - ২৭ আৰু ৰাষ্ট্ৰীয় ঘাইপথ - ২৭ত ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰ পুৱা ২ বজালৈ গধুৰ বাহনৰ চলাচল নিষেধাজ্ঞা কৰা হৈছে । 

২)  ছয়চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা সীমিত বাহনহে ১ ,৩,৪,৫ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ১১.৩০ বজালৈ চলাচল বন্ধ থাকিব। 

৩) বৰ্ষাপৰা তিনিআলিৰ পৰা ধীৰেনপাৰ তিনিআলিলৈ কেৱল গাড়ী পাছ থাকিলে হে যাব পাৰিব। 

৪) গাড়ী পাছ নাথাকিলে ধীৰেনপাৰা তিনিআলিৰ পৰা ভিতৰলৈ সোমাব নোৱাৰিব। 

৫) লখৰাৰ পৰা ধীৰেনপাৰালৈ আহিব লগা গাড়ী সমূহৰ ক্ষেত্ৰত কিছু কিছু নিষেধাজ্ঞা প্ৰদান কৰা হৈছে।

৬) ধীৰেনপাৰা পৰা বর্ষাপৰা ষ্টেডিয়াম তিনিআলি পৰা লখৰালৈ কেৱল single ৰোড কৰা হৈছে। 

ক্ৰিকেটৰ ক্ষেত্ৰত 

ক্ৰিকেটৰ ক্ষেত্ৰত ৬ খন গেট দৰ্শকৰ বাবে মুকলি কৰা হ'ব।

১) ইয়াৰ ভিতৰত গেট নম্বৰ  ১B অতিথিৰ বাবে খোলা থাকিব। 

২) ২ নম্বৰ গেটলৈ যাব হ'লে বৰ্ষাপৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব। 

৩) ৩ নম্বৰ গেটলৈ যাব হ'লে RG বৰুৱা পথেৰে গদৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

৪) ৪ নম্বৰ গেটলৈ যাব হ'লে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

৫) ৫ নম্বৰ আৰু ৬ নম্বৰ গেটলৈ যাব হ'লে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK দেৱ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব। 

৬) ৭ নম্বৰ গেটলৈ যাব হ'লে বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

Category
Profile picture for user UB Photos