ধুবুৰীত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা! ৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত

Boat Accident Dhubri

ধুবুৰীত পুনৰ ভয়ংকৰ নাও দুৰ্ঘটনা। ভাষানীৰ চৰ প্ৰথমখণ্ড গাঁৱত এই দুৰ্ঘটনা। ব্ৰহ্মপুত্ৰত ডুবিল যন্ত্ৰচালিত নাও৷ ৮০জনৰো অধিক যাত্ৰী আছিল নাওখনত, ধুবুৰীৰ ৰাজহ চক্ৰ বিষয়া সঞ্জু দাসৰ লগতে আন কেইবাগৰাকীও ব্যক্তি ডুব যায় ব্ৰহ্মপুত্ৰ নৈত।

বৰ্তমান দুজন ব্যক্তি উদ্ধাৰ হৈছে যদিও বহুকেইজন যাত্ৰী সন্ধানহীন৷ আনুমানিক প্ৰায় ১৫/২০জন যাত্ৰী সন্ধানহীন হৈ আছে৷ ঘটনাস্থলীত উপস্থিত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু SDRF বাহিনীৰ দল ৷

ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্য।  নিখোজ লোকসকলক উদ্ধাৰ কৰাৰ বাবে তীব্ৰ অভিযান অব্যাহত ৰাখিছে SDRF বাহিনীৰ দলে৷

Category
Profile picture for user UB Photos