অহা ২ অক্টোবৰত ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মাজত হ'ব লগা টি২০ খেলখনত এইদৰে হ'ব টিকট বিক্ৰী

ACA

অহা ২ অক্টোবৰত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত টি ২০ ক্ৰিকেট অনুষ্ঠিত হ'ব।

১৬ তাৰিখ অৰ্থাৎ কাইলৈৰ পৰা টিকট বিক্ৰীৰ কাম আৰম্ভ হ'ব বুলি অসম ক্ৰিকেট সন্থাই জনাইছে।

অনলাইনত দিনৰ ১১বজাত প্ৰথম পৰ্যায়ত ১৫হাজাৰ টিকট বিক্ৰীৰ বাবে মুকলি কৰা হ'ব।

২৬ তাৰিখে ৫৪৮৯ টা টিকট বিক্ৰীৰ বাবে মুকলি কৰি দিয়া হ'ব।

মুঠ চিট কেপাচিটি  ৩৮৬৫৪ টা আছে । ইয়াৰে কিলিং চিট ১২৩৪টা ।

সম্প্ৰতি ৩৭৪২০ চিট আছে ষ্টেডিয়ামত ইয়াৰে দৰ্শকৰ বাবে ২০৪৮৯ টা টিকট।

প্ৰতিখন জিলালৈ ২৭০টা কৈ টিকট দিয়া হ'ব।

টিকটৰ হাৰ্ড কপি ২৫ তাৰিখে দিয়া হ'ব লগতে হম ডেলিভাৰী দিয়া হ'ব।

Book my showৰ জৰিয়তে টিকট বিক্ৰী কৰা হ'ব।

২৯ ছেপ্টেম্বৰত গুৱাহাটী আহি পোৱাৰ সম্ভাৱনা দুয়োটা ক্ৰিকেট দলৰ।

ৰেদিছন ব্লু হোটেলত বাঁহৰ পাতিব দুয়োটা দলে।

Cricket

Category
Profile picture for user UB Photos