ভাল খবৰ! শীঘ্ৰেই মহানগৰীত সংযোজন হ’ব বৈদ্যুতিক বাছ... 

electrical-bus-coming-soon-in-guwahati-city

ভাল খবৰ! শীঘ্ৰেই মহানগৰীত সংযোজন হ’ব বৈদ্যুতিক বাছ... 


অসমৰ পৰিবহণ ব্যৱস্থাত শীঘ্ৰেই সংযোজন হ’ব ১০০খন বৈদ্যুতিক বাছ৷ অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডৰ প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ পাইছে এই গুৰুত্বপূৰ্ণ তথ্য৷ প্ৰেছ বিবৃতিত অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডে কয়  যে, তেওঁলোকৰ প্ৰতিষ্ঠানৰ পৰা  ১০০ খন বৈদ্যুতিক বাছ বিচাৰি অসম ৰাজ্যিক পৰিবহন নিগমে পত্ৰ প্ৰেৰণ কৰিছে৷ এই ১০০ খন বাছৰ সাম্ভাৱ্য মূল্য  প্ৰায় ১৫১ কোটি টকা।

অলেক্ট্ৰা গ্ৰীণটেক লিমিটেডে উল্লেখ কৰা অনুসৰি উত্তৰ-পূবৰ ৰাজ্যসমূহৰ পৰা লাভ কৰা প্ৰথমটো অৰ্ডাৰ৷ ৯ মাহৰ ভিতৰত অসম চৰকাৰক এই বাছ সমূহ যোগান ধৰিব প্ৰতিষ্ঠানটোৱে৷ লগতে অনাগত পাঁচ বছৰৰ বাবে এই বাছবোৰ ৰক্ষণাবেক্ষণৰ বাবে দায়বদ্ধ হৈ থাকিব অলেক্ট্ৰা গ্ৰীণটেক লিমিটেড৷

অসমৰ পৰা প্ৰথমটো অৰ্ডাৰ লাভ কৰি যথেষ্ট সুখী অনুভৱ কৰিছে বুলি প্ৰতিষ্ঠানটোৰ অধ্যক্ষই৷ ভাৰতৰ বিভিন্ন প্ৰান্তত উক্ত প্ৰতিষ্ঠানটোৰ বাছ সমূহ চলাচল হৈ আছে৷বাছ সমূহে ইতিমধ্যে ভাৰতীয় পথত পাঁচ কোটি কিলোমিটাৰ অতিক্ৰম কৰিছে৷ লগতে এই বাছসমূহে কাৰ্বন নিৰ্গম হ্ৰাস কৰা সহায় কৰে বুলিও জানিব পৰা গৈছে৷

Category
Profile picture for user UB Photos