শিক্ষক বিচাৰি হাহাকাৰ, ক’ত অন্তধ্যান হ’ল শিক্ষক মাধূৰ্য বৰা!

Majuli

মাজুলী শিক্ষাখণ্ডত আজৱ ঘটনা। নিৰুদ্দেশ হৈছে মাজুলী শিক্ষাখণ্ডৰ অন্তৰ্গত বিৰিণাবাৰী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মাধুৰ্য্য বৰা। যোৱা দুবছৰে ধৰি বিদ্যালয়ত উপস্থিত নাই শিক্ষক গৰাকী। মাধুৰ্য্য বৰাক বিচাৰি হাহাকাৰ কৰিছে মাজুলীবাসীয়ে।

বিদ্যালয়লৈ নিজৰ খেয়াল খুচিমতে অহা শিক্ষক মাধুৰ্য্য বৰা ২০২১ বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰাই কোনো জাননী নিদিয়াকৈ বিদ্যালয়ত অনুপস্থিত। শিক্ষিক মাধুৰ্য্য বৰাক যোগাযোগ কৰিবলৈ বিদ্যালয় কৰ্তৃপক্ষ বা শিক্ষাখণ্ডৰ বিষয়াসকলৰ ওচৰত নাই কোনো স্থায়ী ঠিকনা।

ঠিকনাৰ অভাৱত যোৱা দুবছৰে কোনো সন্ধান উলিয়াব পৰা নাই বিদ্যালয় কৰ্তৃপক্ষই। স্থায়ী ঠিকনাটো বাদেই বিদ্যালয় কৰ্তৃপক্ষৰ হাতত নাই শিক্ষক মাধুৰ্য্য বৰাৰ নথিপত্ৰৰ লগতে একপিও ফটো। ইতিমধ্যে মাধুৰ্য্য বৰাৰ দৰমহা বন্ধ কৰা হৈছে বুলি জনাই কৰ্তৃপক্ষই।

এতিয়া প্ৰশ্ন উঠিছে কেনেদৰে চলিছে মাজুলীৰ শিক্ষা বিভাগ। এজন কৰ্মচাৰীৰ স্থায়ী ঠিকনা নোহোৱাকৈ কেনেকৈ বিদ্যালয় পৰিচালনা কৰিছে এই সকল প্ৰধান শিক্ষকে।

Category
Profile picture for user UB Photos