আজি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৪৫৪ সংখ্যক তিৰোভাৱ তিথি। মহাপুৰুষজনালৈ শতকৌটি প্ৰণাম জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কৰিলে অসমীয়াত টুইট।
‘হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেম অমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।’
হৰি নাম ৰসে বৈকুণ্ঠ প্ৰকাশে
— Arvind Kejriwal (@ArvindKejriwal) August 29, 2022
প্ৰেম অমৃতৰ নদী
শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা
বহে ব্ৰহ্মাণ্ডক ভেদি।।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথিত গুৰুজনালৈ শতকোটি প্ৰণাম।
এইদৰে অসমীয়াত টুইট কৰি দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে জনালে সশ্ৰদ্ধ প্ৰণিপাত।
উল্লেখ্য় যে, আজিৰ দিনটোতে কোচবিহাৰত মহাপ্ৰয়াণ ঘটিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ। অসমীয়া জাতিক ঐক্য-সংহতিৰ ডোলেৰে বান্ধি ৰাখিছিল গুৰুজনাই।
- Log in to post comments