ৰঙিয়াত নাভূত-নাশ্ৰুত ঘটনা, ৰঙিয়াবাসী ৰাইজ আজি সাক্ষী হৈ ৰ’ল এক আজৱ ঘটনাৰ। ৰাজপথত পৰি থকা গেলি পচি যোৱা কুকুৰৰ মাংস ভক্ষন এজন লোকৰ।
মৃত কুকুৰৰ মাংস ভক্ষণ কৰিলে এজন যুৱকে। ৰাজপথক বহিয়েই সেই মাংস ভক্ষন কৰে লোকগৰাকীয়ে।
জানিব পৰা মতে, কিছুদিন পূৰ্বে ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত চিন্ন ভিন্ন হৈছিল কুকুৰটো। সেই গেলি পচি যোৱা মৃত কুকুৰটো ভক্ষণ কৰি সৃষ্টি কৰিছে এক নাভুত নাশ্ৰুত পৰিৱেশৰ।
মৃত কুকুৰটো ভক্ষণ কৰা লোকজনৰ ঘৰ দুলীয়াজানৰ খগেন মোদক বুলি জানিব পৰা গৈছে।
এতিয়া এই ঘটনাৰ পিছতে স্থানীয় সচেতন ৰাইজে এইক্ষেত্ৰত প্ৰশাসনক বিষয়টো চাবৰ বাবে দাবী কৰিছে।
- Log in to post comments