আজি বিশ্ব হেপাটাইটিছ দিৱস, কিয় এই দিৱস পালন কৰা হয় জানেনে?

World Hepatities Day

প্ৰতিবছৰে ২৮ জুলাইত পালন কৰা হয় বিশ্ব হেপাটাইটিচ দিৱস ৷

এই দিৱস পালন কৰাৰ মুখ্য উদ্দেশ্য হৈছে  হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টি কৰা আৰু ইয়াৰ প্ৰতিৰোধ, প্ৰতিকাৰ সম্পৰ্কে জনসাধাৰণৰক অৱগত কৰোঁৱা।

হেপাটাইটিচ সম্পৰ্কে জনসজাগতাৰ সৃষ্টিৰ বাবে বিভিন্ন সংস্থাই ২০০০ চনৰ পৰাই  এই হেপাটাইটিচ দিৱস  উদযাপন কৰি আহিছে ৷  ২০১০ চনৰ মে' মাহত অনুষ্ঠিত  বিশ্ব স্বাস্থ্য সভাৰ ৬৩তম অধিবেশনত বিশ্ব হেপাটাইটিছ দিৱস ২৮ জুলাইত পতাৰ সিদ্ধান্ত গৃহীত কৰা হয় ।

উল্লেখ্য় যে, হেপাটাইটিছ বি ভাইৰাছৰ আৱিষ্কাৰক ১৯৭৪ চনৰ নোবেল বঁটা বিজয়ী চিকিৎসা বিজ্ঞানী বাৰুছ চেমুৱেল ব্লুমবাৰ্গৰ সন্মানৰ অৰ্থে তেওঁৰ জন্মদিনত এই দিৱস উদযাপনৰ বাবে বাচি লোৱা হৈছিল।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতি বছৰে কোটি কোটি মানুহ হেপাটাইটিছত আক্ৰান্ত হয় আৰু বছৰি  লক্ষাধিক লোক মৃত্যু হয় ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ এক ৰিপৰ্ট মতে ২০১৫ চনত বিশ্বত ১.৪ মিলিয়ন লোকৰ মৃত্যু হয় ৷ বিশ্বত প্ৰায় ৩৬ কোটি লোক হেপাটাইটিচ ৰোগত গভীৰভাৱে আক্ৰান্ত ৷ আৰু ভাৰতত ইয়াৰ সংখ্যা ৪ কোটিৰো অধিক।

মনকৰিবলগীয়া যে, হেপাটাইটিচ হৈছে পাঁচ প্ৰকাৰৰ ৷ হেপাটাইটিচ এ, হেপাটাইটিচ বি, হেপাটাইটিচ চি, হেপাটাইটিচ ডি আৰু হেপাটাইটিচ ই ৷

ইয়াৰে বি আৰু চি হৈছে মাৰাত্মক ইয়াক কৰ্নিক হেপাটাইটিচ বোলা হয় ৷ এ আৰু ই সিমান জটিল নহয়।হেপাটাইটিচ এ দুখিত খাদ্য বা পানীৰ ফলত হয়। হেপাটাইটিচ বি সংক্ৰমিত ৰক্ত বা শৰীৰৰ কোনো তৰল পদাৰ্থৰ সংস্পৰ্শত আহিলে  বিয়পিব পাৰে ৷ হেপাটাইটিচ চি সংক্ৰমিত ব্যক্তিৰ ৰক্ত বা ইনজেকচন ব্যৱহাৰৰ ফলত বিয়পিব পাৰে ৷ হেপাটাইটিচ ডি ভাইৰাছৰ দ্বাৰ বিয়পে ৷ হেপাটাইটিচ বি দ্বাৰ আক্ৰান্ত ব্যক্তিহে হেপাটাইটিচ ডি হোৱাৰ সম্ভাৱনা থাকে ৷ হেপাটাইটিচ বি আৰু ডি একেসময়তে হ'লে পৰিস্থিতিৰ জটিল হৈ পৰে। হেপাটাইটিচ ই ভাইৰাছ মানুহৰ মুখৰ দ্বাৰা শৰীৰলৈ বিয়পিব পাৰে । হেপাটাইটিচ ই ভাইৰাছ সংক্ৰমিত পানী খোৱাৰ ফলত শৰীৰত প্ৰৱেশ কৰে । 

প্ৰতি বছৰৰ দৰে এই বছৰো গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়ে আয়োজন কৰিছে Run for your liver শীৰ্ষক এক সজগতা ৰেলী। GMCHৰ পৰা নেহেৰু ষ্টেডিয়াম লৈ উলিওৱা হয় সজাগতা ৰেলি।

উক্ত অনুষ্ঠানত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, ড০ সমুজ্বল  ভট্টাচাৰ্য্য, বিশিষ্ট সাংবাদিক কনক সেন ডেকা লগতে বহু গণ্য মান‍্য ব‍্যক্তি অনুষ্ঠানত উপস্থিত থাকে।

Category
Profile picture for user UB Photos