
দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী থাৰমান শনমুগাৰত্নমে আজি ছিংগাপুৰ উচ্চায়ুক্তৰ প্ৰতিনিধি বৰ্গৰ সৈতে বস্ত্ৰ নগৰী শুৱালকুছিত উপস্থিত হৈ মুগা-পাট বস্ত্ৰশিল্পৰ প্ৰস্তত প্ৰণালীৰ সৈতে জড়িত শিল্পকলাৰ বুজ লয়।
ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী গৰাকীয়ে পাট-মুগা বস্ত্ৰ শিল্পৰ বিভিন্ন প্ৰণালী পৰিদৰ্শন কৰাৰ লগতে শুৱালকুছিৰ নাক্তাদলস্থিত বিখ্যাত তাঁতশাল ফেক্টৰী ‘’ৰিংকি চিল্ক ৱেভিং ফেক্টৰী’’ পৰিদৰ্শন কৰি শিপিনী সকলৰ সৈতে মত-বিনিময় কৰে। ইয়াৰ পিছতে তেওঁ নাক্তাদল দূৰ্গা পূজা মণ্ডপত বৃহত্তৰ শুৱালকুছিৰ কেইবাটাও বয়ন শিল্প প্ৰতিষ্ঠানৰ অংশ গ্ৰহণেৰে আয়োজিত প্ৰদৰ্শনী এখনো পৰিদৰ্শন কৰে । তেখেতে এক বৃক্ষৰোপন কায্যসূচীতো অংশ লয়।
ছিংগাপুৰৰ জেষ্ঠ মন্ত্ৰী গৰাকীয়ে শুৱালকুছি বস্ত্ৰ শিল্পৰ ফেক্টৰী পৰিদৰ্শনৰ সময়ত তেখেতৰ সহ ধৰ্মিনী , হস্ততাঁত বস্ত শিল্প বিভাগৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম,উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বৰা, কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগৰ জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।
- Log in to post comments