শ্বুটিঙৰ ছেটত হঠাৎ অসুস্থ দীপিকা পাডুকন, ততাতৈয়াকৈ লৈ যোৱা হ'ল চিকিৎসালয়লৈ..

Deepika Padukone

বৈজয়ন্তী ফিল্মছৰ দ্বাৰা প্ৰযোজিত চাই-ফাই চলচ্চিত্ৰ 'প্ৰজেক্ট কে'ৰ দৃশ্যগ্ৰহণ চলি থকা সময়তে হঠাৎ অসুস্থ হৈ পৰিছে দীপিকা পাডুকন। 

অভিনেত্ৰী দীপিকা পাডুকন মঙলবাৰে দক্ষিণৰ চলচ্চিত্ৰখনৰ ছেটত থাকোতে হঠাতে অসুস্থ হৈ পৰিছিল। তেওঁ কয় যে তেওঁৰ মূৰটো সামান্য় ঘূৰাইছে আৰু তেওঁ উশাহ ল'ব পৰা নাই। সেই পৰিস্থিতিত, তেওঁক ততাতৈয়াকৈ হায়দৰাবাদৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হয়। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় আৰু পৰৱৰ্তী পৰীক্ষা কৰা হয়।

জানিব পৰা মতে, দীপিকা কিছু সময়ৰ পৰা মানসিক চাপৰ মাজত আছিল। তেওঁ প্ৰায়ে ৰক্তচাপৰ সমস্যা অনুভৱ কৰিছিল।

সংবাদ সংস্থাৰ মতে, অভিনেত্ৰীগৰাকী সুস্থ হৈ কামলৈ উভতি আহিছে। কিন্তু এতিয়ালৈকে ছবিখনৰ দলৰ সদস্যসকলৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।

Category
Profile picture for user UB Photos