একেটা পৰিয়ালৰ চাৰিজন সদস্যই ল'লে চিপ! তিনিজনৰ মৃত্যু, এজনক জীৱন্তে উদ্ধাৰ

suicide

একেটা পৰিয়ালৰ চাৰিজন সদস্যক শনিবাৰে পুৱা মধ্য প্ৰদেশৰ ভিন্দ জিলাৰ এখন গাঁৱত তেওঁলোকৰ নিজ ঘৰত ওলমি থকা অৱস্থাত উদ্ধাৰ কৰা হয়, যাৰ ভিতৰত তিনিজন নিহত আৰু এজনক জীৱন্তে উদ্ধাৰ কৰা হয়।

গোহাদ উপ-বিভাগীয় বিষয়া ৰাজেশ সিং ৰাঠৌৰে কয় যে ঘটনাটো ভিন্দ জিলাৰ সদৰৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰৈত গোহাদ আৰক্ষী থানাৰ অন্তৰ্গত কাঠুৱা গুৰ্জাৰ গাঁৱত সংঘটিত হয়।

তেওঁ কয় যে আজি পুৱা প্ৰায় ৮ বজাত ধৰ্মেন্দ্ৰ গুৰ্জাৰ (২৮), তেওঁৰ পত্নী অমৰেশ (২৫) আৰু তেওঁলোকৰ পুত্ৰ নিশান্ত (১২)ৰ মৃতদেহ তেওঁলোকৰ ঘৰত ওলমি থকা অৱস্থাত পোৱা গৈছিল, আনহাতে তেওঁলোকৰ জীয়েক মীনাক্ষীকো (৮) ওলমি থকা অৱস্থাত পোৱা গৈছিল, কিন্তু তেওঁ উশাহ লৈ থকা দেখি ততাতৈয়াকৈ চিকিৎসাৰ বাবে গোৱালিয়ৰৰ এখন চিকিৎসালয়লৈ লৈ যোৱা হৈছে।

লগতে ৰাঠৌৰে কয় যে ঘৰটোৰ এটা ডাঙৰ কোঠাৰ চালৰ দুৱাৰখন তেওঁলোকৰ সকলোৰে ডিঙিত বান্ধি থোৱা দেখা গৈছিল আৰু দুৱাৰবোৰ ভিতৰৰ পৰা বন্ধ কৰি থোৱা হৈছিল। আৰক্ষী আৰু চুবুৰীয়াসকলে দুৱাৰখন ভাঙি ভিতৰলৈ প্ৰৱেশ কৰে আৰু চাৰিজন লোকক ওলমি থকা অৱস্থাত দেখে। 

উল্লেখ্য় যে, এই গণ আত্মহত্যাৰ আৰৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু এক বিতং তদন্ত চলি আছে। 

Category
Profile picture for user UB Photos