এটা যুগৰ অৱসান! সংগীত জগত উকা কৰি গুচি গ'ল জনপ্ৰিয় গায়ক কে কে..

kk death

'হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল' হঠাতে হেৰাই গ’ল এক সুৰীয়া কণ্ঠ, যি কণ্ঠই মোহাচ্ছন্ন কৰি ৰাখিছিল প্ৰতিজন সংগীতপ্ৰেমীক । যেন গানৰ বাবেই জন্ম হৈছিল তেওঁৰ... আৰু গান গাই গাইয়ে গুচি গ’ল অজান দেশলৈ।

ভাৰতীয় সংগীত জগতত শোকাকুল কৰি গুচি গ'ল কৃষ্ণকুমাৰ কুন্দন ওৰফে কেকে। ১৯৯০ৰ দশকৰ পৰা বৰ্তমানলৈকে নিজৰ প্ৰতিভাৰে বহু দৰ্শক-শ্ৰোতাক মুগ্ধ কৰি ৰখা কে কেৰ অকাল মৃত্যুত ম্ৰিয়মাণ দেশবাসী।

মনে মানিব নিবিচাৰিলেও এয়াই চৰম সত্য। মৃত্যুৰ শীতল কোলাত কোন কেতিয়া ঢলি পৰে সেয়া কোনেও ক’ব নোৱাৰে। ঠিক তেনেদৰেই কেকেয়েও ঢলি পৰিল সেই কোলাত, কাকো একো নোকোৱাকৈয়ে..একো নজনোৱাকৈ সংগপোনে গুচি গ’ল তেওঁ।

kk death

জীৱনৰ অন্তিম মূহুৰ্তলৈকে সংগীতপ্ৰেমীক মু্গ্ধ কৰি যাবলৈও তেওঁ নাপাহৰিলে। ৩১ মে'ৰ মঙলবাৰে নিশা কলকাতাত অকাল মৃত্যুক সাৱটি লয় জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণকুমাৰ কুন্নাথে। 

kk

জানিব পৰা মতে, কলকাতাৰ গুৰুদাস মহাবিদ্যালয়ৰ এক অনুষ্ঠানৰ বাবে নজৰুল মঞ্চত সংগীত প্ৰদৰ্শনৰ সময়ত অসুস্থ হৈ গায়ক কেকেৰ মৃত্যু হয়। মঞ্চত সংগীত প্ৰদৰ্শনৰ সময়ত তেওঁ অসুস্থ হৈছিল। কেকেই মঞ্চত বাৰে বাৰে কৈছিল যে তেওঁ অলপ অসুস্থ যেন অনুভৱ কৰি আছে।

kk

সেয়ে তেওঁ স্পটলাইট অফ কৰিবলৈও কৈছিল। শেষত তেওঁ হোটেললৈ উভতি গৈছিল, য'ত অধিক অসুস্থ হোৱাৰ পিছত তেওঁক ডায়মণ্ড হাৰ্বাৰ ৰোডৰ ওচৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। তাত তেওঁক মৃত ঘোষণা কৰা হয়।

kk

মৃত্যুৰ মাত্ৰ অলপ পূৰ্বে কেকে গাইছিল, "হাম ৰহে য়া না ৰহে কল..কল য়াদ আয়েংগে য়ে পল"। এই গানে সদায় অমৰ কৰি ৰাখিব কৃষ্ণকুমাৰ কুন্নাথক। যেতিয়াই স্মৃতি বা কিবা বিশেষ সময়ৰ কথা আহি পৰে তেতিয়াই মানুহে কেকেৰ এই গানটোক মনত পেলায় আৰু আমিও কেকেক মনত পেলাম তেওঁৰ এই বিশেষ চিৰসেউজ গীতেৰে।

kk

কেকেৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে বলীউডত। কণ্ঠশিল্পীগৰাকীৰ আকস্মিক মৃত্যুত তেওঁৰ অনুৰাগীসকলে গভীৰ শোক প্ৰকাশ কৰি সামাজিক মাধ্য়মত তেওঁৰ শেষৰটো কনচাৰ্টৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে।

৫৩ বছৰীয়া কেকেয়ে হিন্দী, তামিল, তেলেগু, কানাড়া, বাংলাকে ধৰি কেইবাটাও ভাষাত গীত ৰেকৰ্ডিং কৰিছে।

kk last perform

অসমীয়াতো গান গাইছিল বিশিষ্ট কণ্ঠশিল্পীগৰাকীয়ে। 'কাইটছ' ছবিৰ 'জিন্দেগী দ’ পল কী', 'ওম শান্তি ওম'ৰ 'আঁখো মে তেৰি', 'বাচনা এ হাছিনোৰ' 'খুদা জানে', 'হাম দিল দে চুকে চনম'ৰ 'তাড়প তাড়প', 'জন্নত'ৰ 'জাৰা চা', 'ৱহ লমহে'ৰ 'ক্যা মুঝে প্যাৰ হে' আদি গীতেৰে কেকে আজীৱন চিৰস্মৰণীয় হৈ থাকিব প্ৰতিজন গান ভালপোৱা মানুহৰ হৃদয়ত।

kk last

Category
Profile picture for user UB Photos