ছেলফি উঠিবলৈ যোৱাই কাল হ'ল এজনৰ, নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকক

Flood

বানত ছেলফি উঠিবলৈ গৈ বানৰ পানীয়ে উটুৱাই নিলে এজন যুবকক । শিলচৰত সংঘটিত হৈছে এই দুৰ্ভাগ্যজনক ঘটনা। 

নৈৰ প্রবল সোঁতে উটুৱাই নিলে যুৱকজনক। সমগ্র দৃশ্য বন্দী হ’ল বন্ধুৰ ম’বাইল কেমেৰাত। শিলচৰ-আইজল পথৰ সোণবাড়ীঘাট বাইপাছৰ ঘটনা এইয়া। বৰাক নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিছে ৰাষ্ট্রীয় ঘাইপথ।

সেই দৃশ্য বন্দী কৰিবলৈ গৈ ছেলফি লোৱাৰ সময়তে হয় এই অঘটন । 
 

Category
Profile picture for user UB Photos