নাৰী সুৰা সেৱনত দেশৰ ভিতৰত তৃতীয় স্থানত অসম! পোহৰলৈ আহিল এই ভয়ংকৰ তথ্য

women drinker

National Health and Family Survey-৫ ২০১৯-২০২১ত শেহতীয়াকৈ প্ৰকাশ পোৱা তথ্য অনুসৰি মদ্যপান সম্বন্ধীয় কেতবোৰ মন কৰিবলগীয়া তথ্য পোহৰলৈ আহিছে।

জানিব পৰা মতে, ১৫ৰ পৰা ৪৯বছৰৰ ভিতৰত কেৱল ১ শতাংশ নাৰীয়ে মদ্যপান কৰে যাৰ বিপৰীতে ২২ শতাংশ পুৰুষে মদ্যপান কৰে।

আনহাতে অৰুণাচলত প্ৰদেশত দেশৰ ভিতৰতে ১৮ শতাংশ সৰ্বাধিক মহিলাই সুৰা সেৱন কৰাৰ এক ভয়ংকৰ তথ্য় পোহলৰৈ আহিছে। আৰু পুৰুষৰ শিতানত ৫৭ শতাংশ সুৰাপায়ীৰে দ্বিতীয় স্থান দখল কৰিছে।

ইয়াৰ লগতে ১৪.৮ শতাংশ নাৰীৰে সুৰাপান কৰাৰ শাখাত দ্বিতীয় স্থানত আছে ছিকিম। আৰু ৫.৫ শতাংশৰে সুৰাপানত তৃতীয় স্থান দখল কৰিছে অসমে।

পুৰুষৰ শিতানত ৫৯ শতাংশৰে প্ৰথম স্থানত আছে গোৱা। মনকৰিবলগীয়া যে, পুৰুষৰ শিতানত প্ৰথম ৫খনৰ ভিতৰত নাই অসম।

উল্লেখযোগ্য যে সৰ্বভাৰতীয় পৰ্যায়ত ১৭ শতাংশ নাৰীয়ে প্ৰতিদিনে সুৰাপান কৰে আৰু ৩৭ শতাংশই সপ্তাহত এবাৰ কৰে। ইয়াৰ বিপৰীতে ১৫ শতাংশ পুৰুষে প্ৰতিদিনে মদ খাই আৰু ৪৩ শতাংশই সপ্তাহত এবাৰ খায়।

অৱশ্যে ২০১৫-১৬ বৰ্ষতকৈ ২০১৯-২১বৰ্ষত পুৰুষৰ বেলিকা মদ খোৱাৰ পৰিসংখ্যা ২৯ শতাংশৰ পৰা ২২শতাংশলৈ হ্ৰাস পাইছে। কিন্তু বিশেষজ্ঞৰ মতে, লকডাউনৰ সময়ত মদৰ দোকান বন্ধ থকাৰ কাৰণেহে হ্ৰাস পাইছে।

Category
Profile picture for user UB Photos