অসমৰ ৰাজনীতিত ক্ৰমান্বয়ে উত্থান ঘটিছে AAPৰ! ২৯ মে’ত অসমলৈ আহিব অৰবিন্দ কেজৰিৱাল

Arvind Kejriwal

সদ্য সমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত লাভ কৰা কিঞ্চিত সাফল্যই উৎফুল্লিত কৰি তুলিছে আম আদমী পাৰ্টীক। 

অসমত দলটোৰ সম্প্ৰসাৰণৰ বাবে এইবাৰ অসমলৈ আহিব দিল্লীৰ মুখ্যমন্ত্ৰী তথা দলটোৰ মূৰব্বী অৰবিন্দ কেজৰিৱাল। গুৱাহাটীত সম্বোধন কৰিব জনসভা।

জানিব পৰা মতে,  অসমৰ দায়িত্বত থকা আন এজন শীর্ষ বিষয়াই জনোৱা মতে দিল্লীৰ মুখ্যমন্ত্ৰী গৰাকীয়ে অসমত আপৰ ১০ লক্ষ সদস্য ভৰ্তিৰ লক্ষ্যৰ কথা ঘোষণা কৰিব।

সদ্য সমাপ্ত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত লাভ কৰা কিঞ্চিত সাফল্যই উৎফুল্লিত কৰি তুলিছে আম আদমী পাৰ্টীক। দলটোৰ সৰ্ব ভাৰতীয় সম্প্ৰসাৰণৰ এতিয়া অন্যতম প্ৰয়োগশালাত সংযোজন হৈছে অসম।

উল্লেখযোগ্য যে, বিগত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত আমি আদমী পাৰ্টীয়ে এটা ৱাৰ্ডত জয়লাভ কৰাৰ উপৰিও ২৪টা ৱাৰ্ডত দ্বিতীয় স্থানত আছিল। প্ৰায় ৪,৪০,০০০ ভোটেৰে কংগ্ৰেছৰ পিছতে তৃতীয় স্থানত আছিল দলটো। দলটোৰ এনে অপ্ৰত্যাশিত উত্থান দেখি ৰাইজৰ দলৰ কমল কুমাৰ মেধিকে ধৰি কংগ্ৰেছৰ মনোজ ধানৱাৰে আপত যোগদান কৰিছিল ।

Category
Profile picture for user UB Photos