প্ৰযুক্তি জগতৰ আটাইতকৈ ডাঙৰ লেনদেন! মাইক্ৰ’ব্লগিং ছচিয়েল নেটৱৰ্কিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিলে বিশ্বৰ সবাতোকৈ ধনী উদ্যোগপতি এল’ন মাস্কে।
অৱশেষত ৪৪ বিলিয়ন ডলাৰত টুইটাৰ বিক্ৰী কৰিবলৈ সন্মতি হ’ল টুইটাৰ ব’ৰ্ড। মাস্কে টুইটাৰৰ মালিকীস্বত্ব পোৱাৰ বিষয়টো চূড়ান্ত।
৪৪ আৰব ডলাৰ টুইটাৰ কিনাৰ চুক্তি এই বছৰতে সম্পূৰ্ণ হ’ব। ডিল ক্ল’জ হ’লেই এলন মাস্কৰ হাতলৈ আহিব টুইটাৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ।
এই প্ৰস্তাৱ টুইটাৰে গ্ৰহণ কৰে নে নাই, তাক লৈ ইমান দিনে জল্পনা–কল্পনা আছিল যদিও অৱশেষত সন্মতি প্ৰকাশ কৰিলে টুইটাৰ ব’ৰ্ডে। চৰকাৰীভাৱে টুইটাৰৰ মালিকীস্বত্ব এতিয়া মাস্কৰ হাতলৈ।
🚀💫♥️ Yesss!!! ♥️💫🚀 pic.twitter.com/0T9HzUHuh6
— Elon Musk (@elonmusk) April 25, 2022
- Log in to post comments