ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰে প্ৰকাশ কৰা তথ্য মতে ৩১ মাৰ্চ আৰু ১ এপ্ৰিলত অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে পৰৱৰ্তী ৫দিনত উত্তৰ-পূব ভাৰতত পাতলৰ পৰা মধ্যমীয়া বৰষুণৰ ভৱিষ্যদ্বাণী কৰিছে ৷
আনহাতে, বুধবাৰৰ পৰা ৰাজ্যকেইখনৰ বহু ঠাইত বজ্ৰপাত, ধুমুহা হোৱাৰ আশংকাও প্ৰকাশ কৰিছে।
আইএমডিয়ে টুইটাৰযোগে প্ৰকাশ কৰে এই তথ্য৷ টুইটটোত কয় যে ‘অহা ৫দিনৰ ভিতৰত উত্তৰ-পূব ভাৰতত পাতলৰ পৰা মধ্যমীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু ৩১ মাৰ্চ আৰু ০১ এপ্ৰিলত অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।’ ইয়াৰ উপৰি শুকুৰবাৰ আৰু শনিবাৰে অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশত ধাৰাসাৰ বৰষুণ হ’ব।
State wise Weather Warning for next 5 days over NE India #northeast #forecast #weatherreport pic.twitter.com/rXvm3V56mM
— RWFC Guwahati (@GuwahatiRmc) March 31, 2022
- Log in to post comments