আপোনাৰ Cholesterol বাঢ়িছে নেকি? কি কি খাদ্যই আপোনাক ইয়াৰ পৰা উপশম পোৱাত সহায় কৰিব?

Cholesterol

Cholesterol, পৃথিৱীৰ অধিকাংশ লোকেই চিকাৰ হৈছে Cholesterolৰ। বহুতেই Cholesterol হ্ৰাস কৰাৰ বাবে বহু ব্যৱস্থা হাতত লৈছে যদিও সফল হোৱা নাই। খাদ্যবস্তুৰ পৰা আৰম্ভ কৰি শাৰীৰিক অনুশীলন কৰিও Cholesterolৰ পৰা উপশম পাবলৈ সক্ষম হোৱা নাই বহু সংখ্যক লোক।

food

কিন্তু কি কি খাদ্যই আপোনাক Cholesterol হ্ৰাস কৰাত সহায় কৰিব আপুনি জানেন? শেহতীয়া এক গৱেষণাই দেখুৱাইছে যে বাদাম, ছয়াবিন, মাহজাতীয় শস্যকে ধৰি কম পৰিমাণৰ উদ্ভিদ-আধাৰিত খাদ্য আৰু ষ্টেৰল গ্ৰহণ কৰিলে Cholesterol হ্ৰাস হোৱাৰ লগতে হৃদৰোগৰ বহুতো আশংকা হ্ৰাস পায়। গৱেষকসকলৰ মতে এই প্ৰকাৰৰ খাদ্যক পৰ্টফলিঅ’ আহাৰ অথবা Potfolio Diet বুলি কোৱা হয়। সাধাৰণতে কিছুমান খাদ্যক আন কিছুমান খাদ্যৰ সৈতে সলনি কৰাৰ ধাৰণাকে প’ৰ্টফলিঅ’ ডায়েট বুলি কোৱা হয়। আৰু এই ডায়েট ২,০০০ কেলৰি আহাৰৰ ওপৰত আধাৰিত।

food

কম কলেষ্টেৰল থকা উদ্ভিদ-আধাৰিত খাদ্য গ্ৰহণ কৰিলে নিম্ন-ঘনত্বৰ লাইপোপ্ৰ’টিন কলেষ্টেৰল ৩০% হ্ৰাস হয়। ইয়াৰ উপৰিও গৱেষণাত ওলাইছে যে এই আহাৰ গ্ৰহণ কৰিলে ১৩% হৃদৰোগ ভাল হয়। কানাডাৰ টৰণ্টো বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক আৰু সহ-লেখক জন চিভেনপাইপাৰে কয় যে, পৰ্টফলিঅ’ আহাৰে এলডিএল কলেষ্টেৰলো যথেষ্ট পৰিমাণে হ্ৰাস কৰে।

প্ৰত্যেক দিনা কিমান পৰিমাণে পৰ্টফলিঅ’ আহাৰ গ্ৰহণ কৰিব লাগিব আপুনি?

ছয়া প্ৰ’টিন (Soy protein):৩৫ গ্ৰাম
উদ্ভিদ ষ্টেৰলছ(Plant sterols):২ গ্ৰাম
বাদাম(Nuts):হাতৰ মুঠিৰে এমুঠি, অথবা ২৩টা কাঠবাদাম
দ্ৰৱণীয় আঁহ(Soluble fiber): ১৮ গ্ৰাম

healthy food

কিন্তু ব্যক্তিসকলে মিঠাই, চেনি, পানীয়, ৰিফাইনড খাদ্য, ফাষ্ট ফুড, জাংক ফুড সকলোবোৰ এৰাই চলিব লাগিব।মাংসৰ সলনি ব্যক্তিসকলে ছয়া প্ৰ’টিন থকা খাদ্য গ্ৰহণ কৰিব পাৰে।

Category
Profile picture for user UB Photos