আচৰিত! উত্তৰাখণ্ডৰ এই তিনিখন গাঁৱত উদযাপন নহয় হোলী, কিন্তু কিয়? চাওঁক..

Holi Uttrakhand

আজি সমগ্ৰ দেশে পালন কৰিছে ৰঙৰ উৎসৱ ফাকুৱা।

কিন্তু আপুনি জানেনে উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাৰ তিনিখন গাঁৱত পালন কৰা নহয় ৰঙৰ উৎসৱ।

ইয়াৰ আঁৰত গাঁওখনৰ ইষ্ট দেৱীৰ উপাসনাৰ সৈতে সম্পৰ্কিত এক কাহিনী আছে। গাঁওখনৰ মানুহে কৈছিল যে এই গাঁওবোৰত মানুহে বসতি স্থাপন কৰাৰ পিছৰে পৰা এই পৰম্পৰা চলি আহিছে।

এই গাঁৱৰ আশে-পাশে থকা গাঁওবোৰত সম্পূৰ্ণ আনন্দ আৰু উৎসাহেৰে হোলী উদযাপন কৰা হয়। হোলীৰ ৰং ইজনে সিজনৰ গাত সানে। আনহাতে এই তিনিখন গাঁৱত হোলীক লৈ সম্পূৰ্ণ নীৰৱতা পালন কৰা হয়। 

উত্তৰাখণ্ডৰ এই গাঁও তিনিখনৰ নাম কুইলি, কুৰ্ঝান আৰু জৌন্দলা। গাওঁবাসীৰ মতে তেওঁলোকৰ কুলদেৱী ত্ৰিপুৰা সুন্দৰীৱে কোলাহল আৰু ৰং ভাল নাপায় আৰু যদি কোনোবাই উৎসৱ উদযাপন কৰিবলৈ চেষ্টা কৰে, তেওঁলোকে দেৱীৰ অভিশাপত ভুগিব লগা হয়। সেই সময়ৰ পৰা এই তিনিখন গাঁৱৰ গাওঁবাসীয়ে হোলী উদযাপন নকৰে।

৪০০ বছৰৰ পূৰ্বে এই তিনিখন গাঁৱৰ পূৰ্বপুৰুষ জম্মু আৰু কাশ্মীৰৰ পৰা প্ৰব্ৰজন কৰিছিল আৰু ইয়ালৈ আহিছিল। কিছুমান লোকে হোলী উদযাপন নকৰাৰ এই নিয়ম ভংগ কৰিবলৈ চেষ্টা কৰিছিল, যিটোৱে সেই বছৰ গাওঁখনত মহামাৰী বিয়পাইছিল। বৃহৎ পৰিমাণত মানুহ মৃত্যুমুখত পৰিছিল। তেওঁলোকে ভাবিছিল যে নিয়ম ভংগ কৰা কাৰণে কুলদেৱী ত্ৰিপুৰা সুন্দৰীৰ অভিশাপৰ কবলত পৰিছিল গাঁওকেইখন। ইয়াৰ পাছৰে পৰা কোনোৱে এই নিয়ম ভংগ কৰিবলৈ সাহস কৰা নাই। এই নিয়ম এটা প্ৰজন্মৰ পৰা প্ৰজন্মলৈ আন এটালৈ চলি আহিছে। এই গাঁওবোৰৰ মানুহে গাঁৱৰ বাহিৰত থাকিলেও হোলী উদযাপন নকৰে।

Category
Profile picture for user UB Photos