যৌন শক্তিবৰ্ধক টেবলেট খাই অথন্তৰ লাগিল ৫ বছৰীয়া এটি শিশুৰ, হায়ৰান হ'ল চিকিৎসক

Manforce Tablet

বিহাৰৰ খগড়িয়াত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

এটি ৫ বছৰীয়া শিশুৱে চকলেট বুলি ভুলতে খালে যৌন শক্তিবৰ্ধক টেবলেট। ঘৰত ৰখা মেনফ’ৰ্চ টেবলেট একেলগে চাৰিটা খাই দিয়ে শিশুটিয়ে।

কিন্তু পৰৱৰ্তী সময়ত যেতিয়া টেবলেটৰ প্ৰতিক্ৰিয়া আৰম্ভ হয় তেতিয়া শিশুটিৰ পিতৃ-মাতৃও উপায়ন্তৰ হৈ শিশুটিক হাস্পতাললৈ লৈ যায়।

খগৰিয়া সদৰ হাস্পতালৰ এমাৰজেঞ্চী বিভাগত উপস্থিত চিকিৎসকে কয় যে একেলগে চাৰিটা টেবলেট খোৱাৰ পিছত শিশুটিৰ গুপ্তাংগ কঠোৰ হোৱাৰ লগতে শৰীৰত ঘাম ওলাই আৰু ছটফটাই আছে।

শিশুটিৰ এই সমস্যাৰ কথা শুনি চিন্তিত হৈ পৰে চিকিৎসকো। তাৰ পিছত চিকিৎসক বৰকত আলীয়ে পাটনাৰ এইমছৰ শিশু বিশেষজ্ঞক ফোন কৰি সমগ্ৰ ঘটনা বিৱৰি কয়। এইমছৰ চিকিৎসকো এই ঘটনা শুনি আচৰিত হয়। কিন্তু এইমছৰ শিশু বিশেষজ্ঞজনে বৰকত আলীক পৰামৰ্শ দিয়ে যে শিশুটিক বমি কৰালে হয়তো সকাহ পাব।

ইয়াৰ পিছতে চিকিৎসক বৰকত আলীয়ে নিমখ মিহলি পানী খুৱাই শিশুটিক বমি কৰোৱায়। প্ৰায় এঘণ্টাৰ অন্তত শিশুটি স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিবলৈ সক্ষম হয়।

খগৰিয়াৰ শিশুৰোগ বিশেষজ্ঞ ডাঃ দীপকে কয় যে মেনফ’ৰ্চ টেবলেট প্ৰাপ্তবয়স্ক লোকৰ বাবে। ৫ বছৰীয়া শিশুৱে যদি এই টেবলেট খায়, সেয়াও চাৰিটাকৈ টেবলেত, তেওঁ ক্লান্ত হৈ পৰিব। ব্লাড প্ৰেছাৰ বাঢ়িব, হৃদস্পন্দন বাঢ়িব আৰু হাৰ্টত সমস্যা হ’ব পাৰে। চিকিৎসাত পলম হ’লে মৃত্যুও হ’ব পাৰে। এই ধৰণৰ ঔষধ শিশুৰ পৰা সদায় আঁতৰত ৰাখিব লাগে।

Category
Profile picture for user UB Photos