অসমীয়াৰ প্ৰতি দায়বদ্ধ অসম চৰকাৰ, ইউক্ৰেইনত আৱদ্ধ শিক্ষাৰ্থীক যিকোনো পৰিস্থিতিতে উদ্ধাৰ কৰিব চৰকাৰে…

assam-government-opens-helpline-number-for-assamese-students-in-ukraine

ইউক্রেইনত আৱদ্ধ হৈ থকা অসমৰ শিক্ষাৰ্থীৰ বাবে ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ। যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৱদ্ধ হৈ থকা শিক্ষাৰ্থীসকলক উদ্ধাৰৰ বাবে অসমৰ মুখ্যমন্ত্রীয়ে লৈছে এই পদক্ষেপ।

অসমৰ শিক্ষাৰ্থীৰ সুৰক্ষাৰ বাবে শনিবাৰে বৈদেশিক পৰিক্রমা মন্ত্রী এছ জয়শংকৰৰ সৈতে আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অসমৰ শিক্ষাৰ্থীক স্বদেশলৈ ঘূৰাই অনাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে (MEA)বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে। ভাৰতীয় দূতাৱাসৰ সৈতেও সম্পৰ্কত আছে MEA। টুইটযোগে এই কথা জনালে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসমৰ যিসমূহ পৰিয়ালৰ সদস্য ইউক্ৰেইনত আৱদ্ধ হৈ আছে, সেইসকলক ভাৰত চৰকাৰৰ ওপৰত আশ্বাস ৰাখিবলৈ আহ্বান মুখ্যমন্ত্রীৰ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, দিল্লী আৰু মুম্বাইত থকা অসম ভৱনেও ইউক্ৰেইনৰ পৰা অহা শিক্ষাৰ্থীসকলক ফ্ৰী টিকট আৰু থকা-খোৱাৰ সুবিধাৰৰ বাবে অনবৰত কাম কৰি আছে। আনকি, ইউক্ৰেইনত আৱদ্ধ অসমীয়াৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে।অসমীয়াৰ বাবে 99305-62333 আৰু 80116-85010 নম্বৰ মুকলি। এই নম্বৰৰ সৈতে যোগাযোগ কৰি সহায় লাভ কৰিব ইউক্ৰেইনত আৱদ্ধ হৈ থকা লোকসকলে।

Category
Profile picture for user UB Photos