লতাজীৰ পাছে পাছে গুচি গ’ল বাপ্পী লাহিড়ী; দুসপ্তাহৰ ভিতৰত মহাপ্ৰস্থান সংগীতৰ ‘মাতৃ-পুত্ৰ’ৰ

bappi

৮০ আৰু ৯০ ৰ দশকত ভাৰতত ডিস্কো সংগীত জনপ্ৰিয় কৰা সংগীত পৰিচালক তথা গায়ক বাপ্পী লাহিড়ীৰ আজি মুম্বাইৰ ক্ৰিটিকেয়াৰ চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।

লাহিড়ীক অসুস্থতাৰ বাবে এমাহৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু সোমবাৰে তেওঁক ৰিলিজ কৰি দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটে আৰু তেওঁক চিকিৎসালয়লৈ অনা হয়। একাধিক স্বাস্থ্যজনিত সমস্যা ভুগি আছিল বাপ্পী।

বাপ্পী লাহিড়ীৰ সৈতে বৰ মধুৰ সম্পৰ্ক আছিল লতা মংগেশকাৰৰ। বাপ্পীয়ে লতাজীক ‘মা’ সম্বোধন কৰিছিল। বাংলা চলচ্চিত্ৰ ‘দাদু’ত বাপ্পী লাহিড়ীৰ ৰচনাত প্ৰথমবাৰৰ বাবে কণ্ঠ দিছিল লতাজীয়ে।

মঙলবাৰে মাজনিশা অ’এছএ (অবস্ট্রাক্টিভ স্লিপ এপনিয়া)ৰ ফলত তেওঁৰ মৃত্যু হয়।

গায়কজনক অন্তিম বাৰৰ বাবে টিভিৰ পৰ্ডাত দেখা গৈছিল চলমান খানৰ সৈতে। ৰিয়েলিটি শ্ব’ বিগ বছ 15-ত তেওঁ নাতি স্বস্তিকৰ নতুন গান ‘বাচ্চা পাৰ্টি’ৰ প্ৰচাৰৰ বাবে আছিল।

যোৱা বছৰ এপ্ৰিলত, গায়কজন কোভিডত আক্ৰান্ত হৈছিল। যাৰ বাবে তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। অবশ্যে কেইদিনমানৰ পিছত তেওঁ সুস্থ হৈ উঠিল।

উল্লেখ্য যে ১৯৮০ৰ দশকত বাপ্পী লাহিড়ীয়ে ডিস্ক’ ডান্সাৰ, শাৰাবী আৰু নমক হালালৰ দৰে ছুপাৰহিট ছবিৰ বাবে গান গাই মানুহৰ হৃদয়ত সুকীয়া আসন দখল কৰিবলৈ সক্ষম হৈছিল। বাপ্পী লাহিড়ীৰ জন্ম হৈছিল ২৭ নৱেম্বৰ ১৯৫২ চনত পশ্চিম বংগৰ জলপাইগুৰিত। বাপ্পী লাহিড়ীক এমাহ পূৰ্বে হাস্পতালত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পিছত সোমবাৰে তেওঁক ৰিলিজ দিয়া হৈছিল। কিন্তু মঙলবাৰে তেওঁৰ স্বাস্থ্যৰ পুনৰ অৱনতি ঘটে আৰু নিশালৈ তেওঁ চিৰদিনৰ বাবে নিয়তিৰ কোলাত শুই পৰে। বিদায় বাপ্পী দা…য’তেই আছে কুশলে থাকক।

Category
Profile picture for user UB Photos