ভাৰত বনাম পাকিস্তান; মাত্ৰ এঘণ্টাৰ ভিতৰতে সকলো টিকটৰ বিক্ৰী শেষ

India vs Pak Match

চলিত বছৰ হ’বলগীয়া টি-২০ বিশ্বকাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। অষ্ট্ৰেলিয়াত হ’বলগীয়া বিশ্বকাপক লৈ ইতিমধ্যে আৰম্ভ হৈছে কাউণ্ট ডাউন।

বিশ্বকাপৰ আৰম্ভণিতে এইবাৰো ক্ৰিকেট অনুৰাগীয়ে উপভোগ কৰিব পাৰিব এখন হাইভল্টেজ মেচ। ২৩ অক্টোবৰত মুখামুখি হ’ব চিৰবৈৰী ভাৰত আৰু পাকিস্তান।

উল্লেখ্য় যে, টিকটৰ বুকিং খোলা দিয়াৰ মাত্ৰ এঘণ্টাৰ ভিতৰতে ভাৰত আৰু পাকিস্তানৰ মেচখনৰ সকলো টিকট বিক্ৰী হৈ যায়।

অষ্ট্ৰেলিয়াৰ ছিডনী মৰ্ণিং হেৰাল্ডে জানিব দিয়া অনুসৰি, মেলবৰ্ণ ক্ৰিকেট গ্ৰাউণ্ডত অনুষ্ঠিত হ’বলগীয়া খেলখনত ৬০ হাজাৰৰো অধিক টিকট ইতিমধ্য়ে বিক্ৰী হৈ গৈছে। 

কৰোনা সংকটৰ প্ৰতি লক্ষ্য ৰাখি আয়োজকে মাত্ৰ ৬০ হাজাৰ টিকটহে বুকিঙৰ বাবে ৰাখিছিল। কিন্তু মাত্ৰ এঘণ্টাৰ ভিতৰতে সকলো টিকটৰ বুকিং শেষ হোৱাত আৰু টিকট মুকলি কৰিব নে নাই সেয়া পৰৱৰ্তী সময়তহে জানিব পৰা যাব।

উল্লেখ্য যে ভাৰতে ২৩ অক্টোবৰত পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ অভিযান আৰম্ভ কৰিব। ২৭ অক্টোবৰত ভাৰত বনাম গ্ৰুপ এ বিজয়ী, ৩০ অক্টোবৰত ভাৰত বনাম দক্ষিণ আফ্ৰিকা মুখামুখি হ’ব।

আনহাতে ২ নৱেম্বৰত ভাৰত বনাম বাংলাদেশ আৰু ৬ নৱেম্বৰত গ্ৰুপৰ অন্তিমখন মেচত ভাৰত মুখামুখি হ’ব গ্ৰুপ বিৰ বিজয়ীৰ বিৰুদ্ধে।

Category
Profile picture for user UB Photos