মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা প্ৰবীণ কুমাৰৰ দেহাৱসান

Mahabharat Actor Death

বি আৰ চোপ্ৰাৰ ধাৰাবাহিক মহাভাৰতত ভীমৰ চৰিত্ৰত অভিনয় কৰা অভিনেতা প্ৰবীণ কুমাৰ চবতি আৰু নাই।

মৃত্য়ুৰ সময়ত প্ৰবীণ কুমাৰৰ বয়স আছিল ৭৪ বছৰ। প্ৰবীণ তেওঁৰ বিশাল উচ্চতাৰ বাবে জনপ্ৰিয়। তেওঁ বলীউডৰ বহুতো চলচ্চিত্ৰত খলনায়কৰ চৰিত্ৰত অভিনয় কৰিছিল। চাৰে ৬ ফুট ওখ অভিনেতা আৰু খেলুৱৈজন পঞ্জাৱৰ বাসিন্দা।

অভিনয়ত প্ৰৱেশ কৰাৰ আগতে প্ৰবীণ এজন হেমৰ আৰু ডিচকাচ থ্ৰো এথলীট আছিল। তেওঁ এছিয়ান গেমছত চাৰিটা পদক (2 টা সোণ, 1 টা ৰূপ আৰু 1 টা ব্ৰঞ্জ) জিকিছিল। তেওঁ দুখন অলিম্পিক গেমছ (১৯৬৮ মেক্সিকো গেমছ আৰু ১৯৭২ মিউনিখ গেমছ)ত ভাৰতক প্ৰতিনিধিত্ব কৰিছে। তেওঁ অৰ্জুন বঁটা প্ৰাপকো আছিল। খেলৰ বাবেই প্ৰবীণ কুমাৰে সীমান্ত সুৰক্ষা বাহিনীত (BSF) উপ-কমাণ্ডেণ্টৰ চাকৰি লাভ কৰিছিল।

প্ৰবীণে ৭০ ৰ দশকৰ শেষৰ ফালে মনোৰঞ্জনৰ পৃথিৱীত ভৰি দিছিল। তেওঁৰ প্ৰথম চৰিত্ৰটো ৰবিকান্ত নাগাইচৰ নিৰ্দেশনাত নিৰ্মাণ কৰা হৈছিল য'ত তেওঁৰ কোনো সংলাপ নাছিল।

আনহাতে, যোৱা বছৰৰ ডিচেম্বৰত প্ৰবীণ কুমাৰে কৈছিল যে তেওঁ দীৰ্ঘদিন ধৰি ঘৰত আছে। স্বাস্থ্য ভাল নহয় আৰু খোৱাত বহুপ্ৰকাৰৰ পৰিহাৰ আছে। মেৰুদণ্ডৰ সমস্যা আছে। ঘৰত, পত্নী বীণাই প্ৰবীণ কুমাৰৰ যত্ন লয়।

Category
Profile picture for user UB Photos