সৰস্বতী পূজাত বতৰে দিব পাৰে বিধি পথালি! পুৱাৰ পৰাই হ'ব পাৰে নেৰা-নেপেৰা বৰষুণ...

rainfall

বতৰে বিধি-পথালি দিব পাৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাত।

কাৰণ ৫ ফেব্ৰুৱাৰীত অসমত হ’ব পাৰে নেৰানেপেৰা বৰষুণ। বংগোপ সাগৰত হোৱা নিম্ন চাপৰ প্ৰভাৱত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে এই আগজাননী।

কভিডসৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে কোভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও সেই আনন্দ ম্লান পেলাব পাৰে বতৰে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি, অহা  ৫ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি হ’ব পাৰে বিজুলি-ঢেৰেকনিৰ লগতে নেৰানেপেৰা বৰষুণ। এই দুটা দিনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্ত হ’ব বৰষুণ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে যে  ৫ ফেব্ৰুৱাৰীত অসম আৰু মেঘালয়ত নেৰানেপেৰাকৈ পাতলীয়া আৰু মজলীয়া বৰষুণ হ’ব। আনহাতে, অৰুণাচল প্ৰদেশৰ ভিন্ন প্ৰান্তত পাতলীয়াকৈ বৰফ পৰিব। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাতো বিজুলি-ঢেৰেকনিৰ লগতে হ’ব বৰষুণ।

বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ। দিনৰ ভাগত মহানগৰীৰ লগতে কেতবোৰ অঞ্চলত তাপমাত্ৰা প্ৰায় স্বাভাৱিক আছে যদিও বতাহৰ বাবে শীতৰ প্ৰকোপ অনুভৱ কৰিছে।

Category
Profile picture for user UB Photos