এইবাৰ চীনে অপহৰণ কৰিলে অসমৰ যুৱকক,ডিব্ৰুগড়ৰ হেমন্ত কোচক অপহৰণ অৰুণাচলত।

Arunachal NSCN

চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক।

অৰুণাচল প্ৰদেশৰ লংডিং জিলাত সংঘটিত হয় এই অপহৰণ কাণ্ড। ডিব্ৰুগড়ৰ হেমন্ত কোচক অপহৰণ অৰুণাচলত।

ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো আৰু এজন স্থানীয় বাসিন্দা বানফুৱা ৱাংপাঙকো হয় অপহৰণ। অপহৰণৰ আঁৰত NSCN(K) জড়িত থকাৰ সন্দেহ।

ইতিমধ্যে স্থানীয় যুৱক বানফুৱা ৱাংপাঙক মুকলি কৰি দিয়ে যদিও হেমন্ত কোচ আৰু বিহাৰৰ লোকজন এতিয়াও আছে অপহৰণকাৰীৰ কবলত। লংডিং জিলাৰ লংখাও আৰু পুমাও নামৰ গাঁৱৰ পথ নির্মাণত নিয়োজিত আছিল এই লোককেইজন।

প্ৰশাসনক NSCN(K)ৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ কাতৰ আহ্বান পৰিয়াললোকৰ।

Category
Profile picture for user UB Photos