বতৰে ম্লান কৰিব এইবাৰৰ সৰস্বতী পূজা! ৪-৫ ফেব্ৰুৱাৰীত নেৰানেপেৰা বৰষুণৰ সম্ভাৱনা!

Heavy Rain

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি, ৪-৫ ফেব্ৰুৱাৰীত অসমত নেৰা নেপেৰা বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

কোভিডসৃষ্ট পৰিস্থিতিৰ মাজতে ৰাজ্য চৰকাৰে কোভিড প্ৰট’কল মানি সৰস্বতী পূজা অনুষ্ঠিত কৰাৰ অনুমতি প্ৰদান কৰিছে যদিও অহা ৪ আৰু ৫ ফেব্ৰুৱাৰীত ৰাজ্যজুৰি হ’ব পাৰে বিজুলি–ঢেৰেকনিৰ লগতে নেৰানেপেৰা বৰষুণ। এই দুটা দিনত অসমৰ লগতে উত্তৰ–পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

বিগত দুটা দিনত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে হোৱা বৰষুণে বৃদ্ধি কৰিছে শীতৰ প্ৰকোপ।

Category
Profile picture for user UB Photos