প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে বিবাহপাশত আবদ্ধ হৈ নতুন জীৱনৰ আৰম্ভণি কৰিলে মৌনি ৰয়ে।
প্ৰথমে দক্ষিণ ভাৰতীয় ৰীতি-নীতি আৰু পিছত বেংগলী প্ৰথাৰে বিবাহকাৰ্য সম্পন্ন হয় দুয়োৰে। মৌনি আৰু সুৰজৰ বিয়াৰ কেইবাখনো ফটো ছচিয়েল মিডিয়াত ইতিমধ্য়ে ভাইৰেল হৈছে।
বিয়াৰ পিছত মৌনিয়ে সামাজিক মাধ্যমত বিয়াৰ প্ৰথমটো ভিডিঅ’ শ্বেয়াৰ কৰিছে, ভিডিঅ’টোত দুয়োকে খুবেই মৰমিয়াল দেখা গৈছে।
এই ভিডিঅ’ত মৌনিৰ দক্ষিণ ভাৰতীয় ৰীতি-নীতিৰ সৈতে হোৱা বিয়াৰ দৃশ্যত দেখা গৈছে।
মৌনি ৰয়ে প্ৰেমিক সুৰজ নাম্বিয়াৰৰ সৈতে ২৭ জানুৱাৰীত আনুষ্ঠানিকভাৱে বিবাহপাশত আবদ্ধ হয়। বিয়াত মৌনিক বগা আৰু ৰঙা ৰঙৰ সুন্দৰ শাড়ীৰ লগতে হেভী গ’ল্ড জুৱেলাৰী পিন্ধা দেখা গৈছে।
- Log in to post comments